ৰঙাপৰা,17 মাৰ্চ: "মই য'ত চৰকাৰ তাতেই হ'ব । মই থকালৈকে হিমন্ত বিশ্ব শৰ্মা কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে । হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত মুখ্যমন্ত্ৰীৰ পদকেন্দ্ৰিক সংঘাত আছে । হিমন্ত বিশ্ব শৰ্মা এটা মিছলীয়া । কংগ্ৰেছৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাক আমি বিধায়ক বনাম, মন্ত্ৰীও বনাম । হিমন্ত ছিণ্ডিকেটৰ ৰজা, ছিণ্ডিকেট কৰি সকলো শেষ কৰিলে । বিটিচি উন্নয়নৰ টকাও হিমন্তই খালে । বিটিচিত বিজেপিয়ে এহেজাৰ কোটি টকা নিদিলে । এইবাৰ বিজেপি আউট, কংগ্ৰেছ ইন । ৰাইজ আমাৰ লগত আছে । ৰাজ্যৰ কোন কোন বিধানসভা সমষ্টিত জিকিব হাৰিব আমি জানো । বিজেপিয়ে ১০০ মাইনাছহে পাব এইবাৰ । হিমন্ত মোতকৈ ৰাজনীতিত কণিষ্ঠ, সি ৰাজনীতি নাজানে । মই কিং মেকাৰ । মই যিফালে থাকো সিফালেই কাম হয়"-এই মন্তব্য বিটিআৰৰ প্ৰাক্তন মুৰব্বী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ।
'মই থকালৈকে হিমন্ত বিশ্ব শৰ্মা কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে: হাগ্ৰামা মহিলাৰী - বি টি চি উন্নয়নৰ টকাও হিমন্তই খালে
ৰঙাপৰা বিধানসভা সমষ্টিৰ ঘোঁৰামাৰী প্ৰেক্ষাগৃহত কংগ্ৰেছ তথা মহাজোঁটৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিপিএফৰ হাগ্ৰামা মহিলাৰীৰ ৷ মই থকালৈকে হিমন্ত বিশ্ব কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ৷ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত আছে-এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷
'মই থকালৈকে হিমন্ত বিশ্ব শৰ্মা কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে'- হাগ্ৰামা মহিলাৰী
বুধবাৰে শোণিতপুৰৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ ঘোঁৰামাৰী প্ৰেক্ষাগৃহত কংগ্ৰেছ তথা মহাজোঁটৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ৰাইজক উদ্দেশ্যি এনেদৰে কয় হাগ্ৰামা মহিলাৰীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকা, কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, চিপিআইএমৰ জিলা সম্পাদক ৰয়েল চৰেং উপস্থিত আছিল ।
Last Updated : Mar 17, 2021, 10:09 PM IST