ৰঙাপৰা, 30 মে' : ৰাজ্যখনত মহামাৰী ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নিয়ম-নীতি ধোঁৱাচাঙত উঠিল শোণিতপুৰৰ ৰঙাপৰাত । কৰ'ণাত আক্ৰান্ত হৈ প্ৰতিদিনে মানুহৰ মৃত্যু হোৱাৰ পাছতো যেন গা লৰা নাই ৰঙাপৰাৰ একাংশ ৰাইজৰ । মহামাৰী কৰ'ণাক লৈ ৰঙাপৰাৰ ৰাইজ কেতিয়া সজাগ আৰু সচেতন হ’ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।
ৰঙাপৰাৰ দৈনিক বজাৰত ক'ভিড প্ৰট'কল, নিয়ম-নীতি একাংশ লোকে ভৰিৰে মোহাৰি পেলাইছে । শাৰিৰীক দূৰত্বৰ নিয়মৰ কথা পাহৰিয়েই পেলাইছে গ্ৰাহক ৰাইজে । ইফালে ৰঙাপৰাৰ দৈনিক বজাৰত ৰাইজে ভিৰ কৰি তোলাৰ পাছতো জিলা প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উঠিছে । কভিড প্ৰট'কল ধোঁৱাচাঙত তোলা, চৰকাৰৰ নতুন নীতি-নিষেধজ্ঞা ভৰিৰে মোহাৰি গ্ৰাহক ৰাইজে এনেদৰে বজাৰ ভিৰ কৰাৰ দৃশ্য সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হয় ৷