অসম

assam

ETV Bharat / city

চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক চাতক সন্মান প্ৰদান - চাতক সন্মান 2021

'দিনৰ পোহৰ ৰং চঙীয়া','কপৌ পাহি তোৰে খোপাত','নাচনী ঐ শৰীৰত একুৰা জুই' আদি ৮০ আৰু ৯০ দশকৰ জনপ্ৰিয় গীতেৰে তেজপুৰত জীপাল হ'ল দেওবাৰৰ সন্ধিয়া । প্ৰসিদ্ধ চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু প্ৰখ্যাত গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱাৰ সন্মুখতে সংগীত শিল্পীসকলে অপূৰ্ব বেজবৰুৱাৰ ৰচিত জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি আপ্লুত কৰে সকলোকে ।

film-director-samarendra-narayan-dev-and-singer-apoorva-bezbaruah-honoured-with-chatak-sanman-2021
চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক চাতক সন্মান প্ৰদান

By

Published : Dec 19, 2021, 10:28 PM IST

তেজপুৰ, ১৯ ডিচেম্বৰ :অসমৰ সংগীত, শিল্প, সংস্কৃতিৰ ক্ষেত্ৰলৈ বিশেষ বৰঙণি যোগোৱা গুণীসকলক সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে ২০০৩ চনত জন্মগ্ৰহণ কৰা তেজপুৰৰ 'চাতক' পৰিয়ালে চলিত বৰ্ষত দুগৰাকী বিশেষ ব্যক্তিক চাতক সন্মান(Chatak Sanman 2021) প্ৰদান কৰে । প্ৰসিদ্ধ চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ(Film director Samarendra Narayan Dev) আৰু প্ৰখ্যাত কণ্ঠশিল্পী তথা একেধাৰে গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱা(Singer Apoorva Bezbaruah)লৈ ২০২১ বৰ্ষৰ চাতক সন্মান আগবঢ়ায় চাতক পৰিয়ালে ।

চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক চাতক সন্মান প্ৰদান

সমৰেন্দ্ৰ নাৰায়ণে ১৯৭০ চনত ‘অৰণ্য' আৰু ১৯৭১ চনত ‘পুতলা ঘৰ' বোলছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল । তেখেতে ‘সোণৰ হৰিণ', ‘কাজিৰঙাৰ কাহিনী', ‘বীৰ চিলাৰায়' আদিৰ দৰে বহুতো কথাছবিৰ লগতে দূৰদৰ্শনৰ ধাৰাবাহিক পৰিচালনা কৰে । ‘মাইজান তোকে দেখা পাই', ‘লগ দিয়াৰ কথা আছিল', ‘বোকাৰ মৰমে আঁকোৱালি' আদি অজস্ৰ গীতৰ স্ৰষ্টা অপূৰ্ব বেজবৰুৱালৈ ২০২১ বৰ্ষৰ জিতেন্দ্ৰ নাথ ভট্টাচাৰ্য-বিমলা ভট্টাচাৰ্য সোঁৱৰণী চাতক সন্মান প্ৰদান কৰা হয় ।

চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক চাতক সন্মান প্ৰদান

তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শোণিতপুৰ জিলা উপয়ুক্ত ভূপেশ চন্দ্ৰ দাসে দুয়োগৰাকী শিল্পীক এই সন্মান প্ৰদান কৰে । দুয়োজন শিল্পীলৈ চাতক পৰিয়ালে এখন অংগ বস্ত্ৰ , প্ৰশস্তি পত্ৰ, চাতক সন্মান আৰু লগতে নগদ ১৫ হাজাৰ টকাৰ আৰ্থিক বৰঙণি আগবঢ়ায় ।

চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাক চাতক সন্মান প্ৰদান

লগতে পঢ়ক :১৬ খন বিধেয়কৰে সোমবাৰৰে পৰা বিধানসভাৰ শীতকালীন অধিবেশন

ABOUT THE AUTHOR

...view details