অসম

assam

By

Published : Mar 11, 2019, 1:25 PM IST

ETV Bharat / city

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ চিবিআই তদন্তৰ দাবী

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত সৰৱ হৈ পৰে ৰাজ্যৰ প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা এম জি ভি কে ভানু ৷

এম জি ভি কে ভানু

তেজপুৰ, ১১ মাৰ্চঃ ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিছে এই কথা ৷

যদিহে চৰকাৰী চাকৰিৰ প্ৰয়োজন আছে তেতিয়াহ'লে বিজেপি দলত যোগদান কৰক ৷ ৰাজ্যৰ যিকোনো চৰকাৰী বিভাগত চাকৰি লাভ কৰিবলৈ সুবিধা পোৱাৰ লগতে প্ৰথম পচন্দত থাকিব ৷ এই কথা আমি কোৱা নাই, বৰঞ্চ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন এইখন বিজেপি চৰকাৰে প্ৰমাণ কৰিছে এই কথা ৷ ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি মন্ত্ৰী নৱ দলে আৰু চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি ৰাজ্যিক বিজেপিৰ একাংশ বিয়াগোম নেতা-কৰ্মীৰ পৰিয়াল তথা সম্পৰ্কীয় লোকে লাভ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰি ৷

এম জি ভি কে ভানু

ৰাজ্য চৰকাৰৰ বিয়াগোম পঞ্চায়ত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সোমবাৰে নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ এগৰাকী প্ৰাক্তন আমোলাই ৷ বৰ্তমানে কংগ্ৰেছ দলত যোগদান কৰা তথা তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থী এম জি ভি কে ভানুই ৷ ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ চি বি আই তদন্ত কৰিলেই সকলো কথা ওলাই পৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰাক্তন তথা অভিজ্ঞ আমোলাগৰাকীয়ে ৷ আনহাতে পঞ্চায়ত বিভাগৰ সৈতে জড়িত মন্ত্ৰী তথা অন্যান্য মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী কৰ্মচাৰীক লায়াৰ ডিটেক্টৰৰ সন্মুখত বহাই তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে ভানুই ৷ আনহাতে নিজৰ কথাৰ স্পষ্টতা দাঙি ধৰি নিজেও লায়াৰ ডিটেক্টৰৰ সন্মুখীন হ'বলৈ সাজু বুলি সাংবাদিকৰ আগত উল্লেখ কৰে প্ৰাক্তন আমোলা তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details