ৰঙাপৰা, 28 ডিচেম্বৰ : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসম ৰাইফলছৰ প্ৰাক্তন সৈনিক নৰেন চন্দ্ৰ দাসে (Demise of former Assam Rifles soldier Naren Chandra Das)। বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ প্ৰাক্তন সৈনিক গৰাকী নিজা বাসগৃহতে শয্যাগত হৈ আছিল । মঙলবাৰে পুৱা নিজা বাসগৃহত প্ৰায় ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে নৰেন চন্দ্ৰ দাসে ।
হলিৰাম কোঁচ আৰু কলি কোঁচৰ চতুৰ্থ পুত্ৰ নৰেন চন্দ্ৰ দাসে ১৯৫৭ চনত অসম ৰাইফলছৰ পঞ্চম বেচেলিয়নত (5th Battalion Assam Rifles) যোগদান কৰিছিল ৷ ১৯৮২ চনত নিজ কৰ্মক্ষেত্ৰখনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । তেখেতৰ মৃত্যুত সমগ্ৰ চাৰিদুৱাৰ-বালিপৰা অঞ্চলত শোকৰ ছাঁ পৰে । ৰঙাপৰা প্ৰেছ ক্লাৱ, সদৌ অসম সাংবাদিক সন্থা, বালিপৰা আঞ্চলিক আছু, বালিপৰা আঞ্চলিক উন্নতি সভা, অসম সেনা, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চসহ বৃহত্তৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠন সমূহে শোক প্ৰকাশ কৰিছে ।
অসম ৰাইফলছে সামাৰিক মৰ্যাদাৰে তেখেতক অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত তেখেতৰ নশ্বৰ দেহ শ্মশানত সৎকাৰ কৰা হয় ।