তেজপুৰ, ৭ অক্টোবৰ:গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় সেনা বাহিনীৰ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ(বিএছএফ) গুৰুত্বপূৰ্ণ সুৰক্ষা সন্মিলন বৈঠকখন শুকুৰবাৰে সামৰণি পৰে (Eastern Command and BSF chief's meeting at Guwahati) ৷ এই সন্মিলনৰ অন্তিম দিনা অংশগ্ৰহণ কৰে ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই (Lt General Rana Pratap Kalita) ৷
গুৱাহাটীস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে সদৰী কৰা অনুসৰি, সন্মিলনৰ সেনা বিষয়াৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল লেফটেনেণ্ট জেনেৰেল কে চি পঞ্চনাথন, এ ভি এছ এম, জি অ’ চি ১০১ ৷ আনহাতে বিএছএফৰ দলটোৰ নেতৃত্বত আছিল আই জি, এইচ কিউ এছ ডি জি, ইষ্টাৰ্ণ কমাণ্ডৰ এছ ডিকে শৰ্মা ।