অসম

assam

ETV Bharat / city

শোণিতপুৰত ই-নিৰীক্ষণ ছফটৱেৰ মুকলি

শোণিতপুৰ (Sonitpur)ত শুকুৰবাৰে ই-নিৰীক্ষণ নামৰ এটা ছফটৱেৰ এপ্লিকেছন (Software Application) মুকলি কৰা হয় ৷ প্ৰশাসনে লোৱা সিদ্ধান্তসমূহ সঠিকভাৱে ৰূপায়ণ কৰা হৈছে নে নাই এই ছফটৱেৰৰ দ্বাৰা নিৰীক্ষণ কৰিব ৷

By

Published : Aug 7, 2021, 7:15 AM IST

E-monitoring software launched in Sonitpur
শোণিতপুৰত ই-নিৰীক্ষণ চফ্টৱেৰ মুকলি

তেজপুৰ, 7 আগষ্ট : শোণিতপুৰ জিলা (Sonitpur District) উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে আয়োজন এক সভাত ই-নিৰীক্ষণ নামৰ এক তথ্য আৰু যোগাযোগ প্ৰযুক্তিভিত্তিক ব্যৱস্থা মুকলি কৰা হয় ৷ এই ব্যৱস্থাটো মুকলি কৰে উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে (DC Bhupesh Chandra Das) ৷ নেশ্যনেল ইন্ফৰমেটিকছ চেণ্টাৰৰ জিলা ইনফৰমেটিকছ বিষয়া অনুপ বৰুৱা আৰু সহকাৰী জিলা ইনফৰমেটিকছ বিষয়া জয়ন্ত কুমাৰ নাথৰ নেতৃত্বত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

শোণিতপুৰত ই-নিৰীক্ষণ ছফটৱেৰ মুকলি

উল্লেখ্য যে, NICA দলৰ দ্বাৰা প্ৰস্তুত কৰা এই ৱেবভিত্তিক এপ্লিকেছন ছফটৱেৰৰ দ্বাৰা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাসমূহত লোৱা সিদ্ধান্তসমূহ সঠিকভাৱে ৰূপায়ণ কৰা হৈছেনে নাই, তাৰ নিৰীক্ষণ কৰাৰ বাবে এই ব্যৱস্থা কাৰ্যক্ষম কৰা হৈছে ৷ এই এপ্লিকেছনটো https://enirikshan.nic.in ত উপলব্ধ হ’ব ৷

এই ছফটৱেৰৰ যোগেদি প্ৰকৃত সময়ত নিৰীক্ষণ (Real-time monitoring) সম্ভৱ হ’ব আৰু তেনে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ প্ৰকৃততে কাৰ্যকৰী কৰা হৈছে নে নাই, তাৰো নিৰীক্ষণ সম্ভৱ হ’ব ৷ এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবেদন এই ছফটৱেৰ যোগে জমা দিব পাৰিব ৷

লগতে পঢ়ক -ৰঙাপৰাৰ যোগীবিলত ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত কৰ্মশালা

ইফালে ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে প্ৰতিজন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াক এজনকৈ নডেল বিষয়া নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ অনাগত সময়ত তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ সহকাৰী আয়ুক্ত চিমি কৰণে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ নডেল বিষয়া হিচাপে এই সমগ্ৰ ছফটৱেৰটোৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰিব ৷

শোণিতপুৰত ই-নিৰীক্ষণ ছফটৱেৰ মুকলি

এই ই-নিৰীক্ষণ ব্যৱস্থাৰ যোগেদি প্ৰশাসনিক প্ৰক্ৰিয়াত স্বচ্ছতা অনাৰ লগতে কৰ্মদক্ষতা বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আন বিভাগসমূহলৈ লিখিত পত্ৰ প্ৰেৰণৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি সেই প্ৰক্ৰিয়া সহজ আৰু চমু কৰিব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে, এই ই-নিৰীক্ষণ ছফটৱেৰত ডিজিটেল (Digital) ড্যাচবোর্ডৰ সুবিধা আছে ৷ য’ত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা নডেল বিষয়াসকলক প্ৰদান কৰা ল’গ ইন আই ডি আৰু পাছৱৰ্ড যোগে ল’গ ইন কৰিব পাৰিব ৷ পৰবৰ্তী পৰ্য়ায়ত আন বিভিন্ন সুবিধা এই ছফটৱেৰত অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক - সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details