তেজপুৰ, 20 ফেব্ৰুৱাৰী : বিগত 13 ফেব্ৰুৱাৰীৰ পৰা নিলয় দত্তৰ সোঁৱৰণত অসম ক্ৰিকেট সংস্থা (Assam Cricket Association) ই তেজপুৰ বিশ্ববিদ্যালয় ক্ৰিকেট গ্ৰাউণ্ড (Tezpur University Cricket Ground) আৰু অসম কৃষি বিশ্ববিদ্যালয় ক্ৰিকেট গ্ৰাউণ্ড (Assam Agricultural University Cricket Ground) ত আয়োজন কৰিছে প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্নামেণ্ট ৷ দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয় ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত এই টুৰ্নামেণ্টৰ চূড়ান্ত খেলত টচত জিকি ভট্টদেৱ বিশ্ববিদ্যালয় ক্ৰিকেট দলে বিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৷
এই চূড়ান্ত খেলত ডিব্ৰুগড় বিশ্ববিদ্যাল ক্ৰিকেট দলে 20 অভাৰত তিনিটা উইকেটৰ বিনিময়ত 155 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । প্ৰত্যুত্তৰত ভট্টদেৱ বিশ্ববিদ্যালয় ক্ৰিকেট দলে 19’2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 110 ৰান কৰিবলৈ সক্ষম হয় । অসমৰ 9 খন বিশ্ববিদ্যালয় ক্ৰিকেট দলে অংশগ্ৰহণ কৰা এই টুৰ্নামেণ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে (Late Niloy Dutta Inter-University T-20 Cricket Tournament win Dibrugarh University) । লগতে মেন অফ দ্যা মেচৰ খিতাপ অৰ্জন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰিকেট দলৰ গুঞ্জনজ্যোতি ডেকাই ৷