তেজপুৰ,26 মাৰ্চঃ তেজপুৰ লোকসভা সমষ্টিৰ ঢেকীয়াজুলিত উন্নয়নৰ ফোঁপোলাস্বৰূপ ৷ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ কেহেৰুখুন্দাত থকা এটা বৃহৎ পানী যোগান আচঁনিৰ দুৰৱস্থা । বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা এক পানী যোগান আচঁনিৰ কাম বৰ্তমানেও সম্পূৰ্ণ হৈ উঠা নুঠাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
ঢেকীয়াজুলিত পানী যোগান আঁচনিৰ নামত ৰামঠগন - পানী যোগান আঁচনি
চাৰিবছৰেও সম্পূৰ্ণ নহ'ল পানী যোগান আচঁনিৰ কাম
চাৰিবছৰেও সম্পূৰ্ণ নহ'ল ঢেকীয়াজুলিত পানী যোগান আচঁনিৰ কাম
উল্লেখযোগ্য যে আঁচনিখনৰ বাবে বহু লক্ষাধিক টকাৰ অনুমোদন দিছিল চৰকাৰে। কিন্তু আচঁনিখনৰ বাবদ প্ৰকৃততে কিমান টকা ধার্য কৰা হৈছে সেয়াও বিগত চাৰি বছৰ ধৰি নাজানে অঞ্চলবাসীয়ে ৷ মাথো মাজে সময়ে আচঁনিখনৰ তদাৰক কৰিবলৈ অঞ্চলটোত বিষয়ববীয়াসকল উপস্থিত হয় যদিও বৰ্তমানেও আচঁনিৰ ফলত এটুপিও পানী নাপালে অঞ্চলবাসীয়ে ৷