অসম

assam

ETV Bharat / city

ঢেকীয়াজুলিত এখন দলঙৰ অভাৱত দুৰ্ভোগ অঞ্চলবাসীৰ - ঢেকীয়াজুলি সমষ্টি

ঢেকীয়াজুলি সমষ্টিৰ বেলশিৰি নৈৰ ওপৰত থকা বাঁহৰ দলঙৰ দুৰৱস্থা ৷ স্থানীয় বিধায়কজনক বহুবাৰ জনোৱাৰ পিচতো অন্ত নপৰিল যাতায়তৰ সমস্যাৰ

ঢেকীয়াজুলিত এখন দলঙৰ অভাৱত দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে

By

Published : Apr 30, 2019, 8:59 PM IST

ঢেকীয়াজুলি, 30 এপ্ৰিলঃ ঢেকীয়াজুলি সমষ্টিৰ বেলশিৰি নৈৰ ওপৰত থকা বাঁহৰ দলঙৰ দুৰাৱস্থা। এখন দলঙৰ অভাৱত যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে ঢেকীয়াজুলি অঞ্চলৰ ৰাইজে ৷ এসময়ত এই বাঁহৰ দলঙখনৰ ঠাইতেই আছিল অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলঙখন । কিন্তু বেলশিৰি নৈখনৰ বাঢ়নী পানীৰ কৱলত পৰি নিঃচিহ্ন হৈছিল দীঘল কাঠৰ দলঙখন ৷

আৰু পঢ়কঃ তেজপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

এই ক্ষেত্ৰত ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কজনক বহুবাৰ জনোৱাৰ পিচতো অন্ত নপৰিল যাতায়তৰ সমস্যাৰ । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, ৰাইজৰ শ্ৰমদানত নিৰ্মিত এই বাঁহৰ দলঙখনৰ ওপৰেদি খুটাপুটা, এৰাবাৰীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিন বিপদ সংকুলভাবে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাব লাগে। তদুপৰি বাঁহৰ দলঙখন জৰাজীর্ণ হৈ যোৱাৰ পাচত ছাত্ৰ- ছাত্ৰীসকলে এইদৰে নৈৰ পানীৰ ওপৰেদিয়ে অব্যাহত ৰাখে যাতায়াত ব্যৱস্থা।

ABOUT THE AUTHOR

...view details