তেজপুৰ, 28 জুন : দীৰ্ঘ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত দেওবাৰে অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাট-পাংগিন সংযোগী ঘাইপথটোৰ এটা অংশ খহি যায় ৷ ফলত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত ৰাজ্যখনত একপ্ৰকাৰ যোগাযোগ ব্যৱস্থা স্তব্ধ হৈ পৰিছে । উল্লেখ্য যে, যোৱা কেইদিনমানৰ পৰা পাহাৰীয়া ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বাট পথ বিব্ধস্ত হোৱাৰ উপৰিও পাহাৰৰ কেইবাঠাইতো ভয়ংকৰভাৱে ভূমিস্খলন হ'ব ধৰিছে ।
চিয়াং জিলাৰ পাংগিন-বোলেং আদিকে ধৰি বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণ হোৱাত ইতিমধ্যে পাচিঘাট-পাংগিন সংযোগী ঘাইপথটোৰ প্ৰায় ৩৬.৬ কিলোমিটাৰ পথ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। ইফালে পথটো বন্ধ হোৱাৰ বাবে তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথাচাৰী সকল ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় কেবাং যুৱ শাখাৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে ৷ লগতে শীঘ্ৰেই পথটো মেৰামতি কৰি দি যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ আহ্বান জনাইছে যুৱ শাখাৰ সদস্য সকলে ।