তেজপুৰ, 8 নৱেম্বৰ: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাটকটীয়া তথা 1868 চনতেই স্থাপন হোৱা ইতিহাস প্ৰসিদ্ধ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ বাবে শুকুৰবাৰে তেজপুৰত উপস্থিত হল আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷ উপস্থিত হৈ 150 টা গৌৰৱোজ্জল বৰ্ষ অতিক্ৰম কৰা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 150 বছৰীয়া সমাৰোহ - তেজপুৰ বাতৰি
1868 খ্ৰীষ্টাব্দতেই স্থাপন হৈছিল ইতিহাস প্ৰসিদ্ধ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷
উল্লেখযোগ্য যে,চাৰিদিনীয়া কাৰ্য্যসূচীৰে 7 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ১৫০ বছৰীয়া সমাৰোহৰ আজি দ্বিতীয় দিন ৷ পুৱা 9. 30 বজাত এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী মুকলি কৰি নিজ ভাষণত ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এইদৰে ১৫০ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস থকা শিক্ষানুষ্ঠান অসমত খুবেই কম ৷ ইয়াৰোপৰি ভাষণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,নটসূৰ্য ফণী শৰ্মা আৰু সুধাকণ্ঠ, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ শিক্ষাৰ কেন্দ্ৰস্থলী খনক এখন বিশেষ আদৰ্শ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰক অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷
আৰু পঢ়ক: টীয়কত গুলী চালনাৰ ঘটনাঃ আহত এজন যুৱক