তেজপুৰ, 6 নৱেম্বৰ:অসমৰ ত্ৰিমূৰ্তি জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণু ৰাভাআৰু ফণী শৰ্মাৰ পাচতে মঙলবাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে বান থিয়েটাৰ পৰিয়ালে ৷ সংস্কৃতিৰ কৰ্মস্থলী ঐতিহাসিক তেজপুৰৰ বান থিয়েটাৰ পৰিয়ালে দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশা বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে ৷
উল্লেখ্য যে,তেজপুৰৰ বান থিয়েটাৰত অসমৰ ত্ৰিমূৰ্তিয়ে অৰ্কেষ্ট্ৰাৰ আয়োজন কৰিছিল আৰু ডঃ ভূপেন হাজৰিকাৰ সাংস্কৃতিক জগতৰ ইয়াতে শিপা মেলিছিল ৷ সেয়েহে বান থিয়েটাৰত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বান থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰীয়ে এই সম্পৰ্কত কয় যে, মহান শিল্পীগৰাকীৰ প্ৰতি নতুন প্ৰজন্মৰ মাজত এক চেতনা জাগ্ৰত কৰা আৰু তেওঁৰ সৃষ্টিৰাজিক চিৰসেউজ কৰি ৰখাৰ প্ৰয়াসেৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷