অসম

assam

ETV Bharat / city

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৰোগীৰ মৃত্যু - শোণিতপুৰ জিলা

শোণিতপুৰ জিলাত ক’ভিড-19 ত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ গৰাকীলৈ বৃদ্ধি । সোমবাৰৰ দিনটোত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এজন লোকৰ মৃত্যু হয় ৷

Covid Patient Died In Tezpur Medical College
Covid Patient Died In Tezpur Medical College

By

Published : Aug 11, 2020, 3:59 AM IST

তেজপুৰ, 11 আগষ্ট:ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে কৰ’ণাৰ ত্ৰাস ৷ সোমবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু এগৰাকী কোভিড ৰোগীৰ ৷ ইয়াৰ লগে-লগে জিলাখনত বৰ্তমানলৈকে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে ৷

জানিবলৈ পৰা মতে, দেওবাৰে বালিপৰাৰ ফুলবাৰী চাহ বাগিছাত স্বাস্থ্য বিভাগে কৰা ৰেপিড এন্টিজেন টেষ্টত ক’ভিড পজিটিভ চিনাক্ত হৈছিল বাগিছাখনৰ কৰ্মচাৰী অনুপ তামুলী ৷ ইয়াৰ পাচতেই লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছিল ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৰোগীৰ মৃত্যু

কিন্তু সোমবাৰে ক’ভিড ৰোগী চিকিৎসা কক্ষৰ মজিয়াতেই লোকজন বাগৰি পৰাত মৃত্যুক সাৱতিলবলগীয়া হয় । এই ঘটনাৰ পাচতেই মহাবিদ্যালয়খনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ মহাবিদ্যালয়খনত চিকিৎসক-নাৰ্ছাৰ গাফিলতি, অনিহাৰ অভিযোগ উত্থাপন কৰি ক’ভিড ৰোগী সকলে হাস্পতাল ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰা দেখা পোৱা যায় ৷

শোণিতপুৰত বৰ্তমানলৈকে 1487 গৰাকী আক্ৰান্ত ধৰা পৰাৰ বিপৰীতে 914 গৰাকীকৈ লোক আৰোগ্য় লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক-ভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

ABOUT THE AUTHOR

...view details