ৰঙাপৰা, 20 জুন : শোণিতপুৰ জিলাত নিতৌ বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ আক্ৰান্তৰ সংখ্যা । দ্ৰুতহাৰত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো সজাগ আৰু সচেতনহীন অধিকাংশ জনসাধাৰণ । প্ৰতিদিনে ৰাইজক বিভিন্ন পক্ষই ক’ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা মানি সাৱধানতা অৱলম্বন আৰু মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই থকাৰ পিছতো সচেতন নহয় বহুলোক ।
ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসনে প্ৰতিজন দোকানী, ব্যৱসায়ী, চালক আদিয়ে ক’ভিড পৰীক্ষা আৰু প্ৰতিষেধক গ্ৰহণ কৰিহে নিজৰ কাৰ্য সম্পাদন কৰিবলৈ জাননী জাৰি কৰিছে যদিও ৰাজহুৱা সচেতনতাৰ অভাৱত ৰোধ হোৱা নাই ক’ভিড-১৯ ৰ সংক্ৰমণ । ক’ভিড আক্ৰান্তৰ সংখ্যা ৰোধকৰণৰ উদ্দেশ্যৰে দেওবাৰে ৰঙাপৰা চহৰত মাস্ক পৰিধানৰ ওপৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ দ্বাৰা জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ তত্বাৱধানত এনডিআৰএফ ৰ ১২ নং বেটেলিয়ন আৰু স্বেচ্ছাসেৱী সংস্থা 'সৃষ্টি-দ্য ক্ৰিয়েশ্যন'(Sristi The creation) ৰ সহযোগত মাস্ক পৰিধানৰ ওপৰত ৰাজহুৱা সচেতনতা আৰু বিনামূলীয়া মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।