তেজপুৰ,22 জুলাই: ক্ৰমাৎ কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে অগ্ৰগতি হৈছে তেজপুৰ । বুধবাৰে তেজপুৰ চ'ক বজাৰত কৰ'ণা পজিটিভ পোৱা ঘটনাই সমগ্ৰ চ'ক বজাৰৰ ব্যৱসায়ী সকলৰ মাজত এতিয়া সৃষ্টি কৰিছে আতংকৰ ।
বুধবাৰে তেজপুৰ চ'ক বজাৰৰ মাছ বজাৰৰ ওচৰৰ কৃষ্ণ ঘোষ নামৰ চাহ দোকানী জনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহে । জানিব পৰা মতে,উক্ত চাহ দোকানী জনে চ'ক বজাৰখনৰ বহু ব্যৱসায়ী সকলৰ মাজত বুধবাৰেও যোগান ধৰিছিল চাহ ৷ লোকজনে বুধবাৰৰ পুৱা ভাগত নিজৰ দোকান খুলি চাহৰ যোগান ধৰাৰ বিপৰীতে তেওঁক ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰাত এতিয়া এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ব্যৱসায়ী সকলৰ মাজত ।