তেজপুৰ,21 জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ সমগ্ৰ দেশ তথা ৰাজ্যতেই পালন কৰা হৈছে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ এই যোগ দিৱসৰ দিনটোৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী চমুকৈ (NDRF) বাহিনীৰ লোকসকলে সোমবাৰে তেজপুৰ চহৰৰ মাজ মজিয়াত কভিড-১৯ ৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে ।
ইফালে ৰাজ্যজুৰি কৰ'ণা মহামাৰীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ সমান্তৰালকৈ শোণিতপুৰ জিলা (Sonitpur district)তো ক'ভিড -১৯ৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ৷ কৰ'ণাক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰিছে আংশিক লকডাউন ব্যৱস্থাৰ লগতে নতুন নতুন SOP ৷ ইফালে শোণিতপুৰ জিলাত প্ৰশাসন তথা স্বাস্থ্য বিভাগে কৰ'ণা সজাগতা, ক'ভিড পৰীক্ষা ইত্যাদিৰ লগতে কৰ'ণা প্ৰতিষেধক প্ৰদান কেন্দ্ৰও বৃদ্ধি কৰিছে ।
সেই একেই উদ্দেশ্যে 'ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী' (NDRF) বাহিনীৰ লোকসকলে আৰু তেজপুৰৰ 'সৃষ্টি' নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য সকলে কৰ'ণা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন সভা তথা সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোত কৰ'ণাৰ সজাগতাৰ উদ্দেশ্যে জিলাখনত ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে ।