তেজপুৰ,17 অক্টোবৰ:ৰাজ্যত কৰ'ণা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও যোৱা 24 ঘণ্টাত অসমত 13 জন লোকৰ মৃত্যু হয় আৰু তাৰে ভিতৰত শোণিতপুৰ জিলাৰ তেজপুৰৰ 4 জন লোকৰো মৃত্যু হয় ।
তেজপুৰত কৰ'ণা সজাগতা কাৰ্যসূচী ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ - কৰ'ণা মহামাৰী
তেজপুৰত কৰ'ণা মহামাৰী প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে,শোণিতপুৰ জিলাত এতিয়া লৈ কৰ'ণা ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 22 জনলৈ বৃদ্ধি পাইছে । আনহাতে,কৰ'ণা ৰোগৰ সাৱধানতাৰ বাবে এন ডি আৰ এফ (ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ)য়ে শনিবাৰে তেজপুৰ চহৰৰ বিভিন্ন ৰাজহুৱা স্থানত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে 12নং এই ৰাষ্ট্ৰীয় পথকে আদি কৰি 12 জনীয়া এটা দলে সজাগতা সৃষ্টিৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে।
ইফালে তেজপুৰ মিছন চাৰিআলিত বিশেষকৈ যাত্ৰীবাহী বাহনৰ যাত্ৰীসকলক হেণ্ড চেনিটাইজাৰ আৰু মাস্ক প্ৰদান কৰে আৰু প্ৰত্যেক লোককে সামাাজিক ব্যৱধান মানি চলিবলৈ পৰামৰ্শ প্ৰদান কৰে। তাৰোপৰি বিভাগৰ উপ পৰিদৰ্শক ৱাই খিবা সিং য়ে জনসাধাৰণৰ মাজত স্বচ্ছতা আৰু কোভিড প্ৰট'কলৰ শপত বাক্য পাঠ কৰায় উপস্থিত লোকসকলক ।