তেজপুৰ, ১৬ এপ্ৰিল : সমগ্ৰ ভাৰতবৰ্ষত মহামাৰী কোভিড -১৯ ৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ । শুক্ৰবাৰৰ দিনটোত অসমত ৪৯৯ জন লোক নতুনকৈ আক্ৰান্ত হৈছে ভয়াৱহ ক'ৰণাত । আনহাতে শোণিতপুৰ জিলাত শুক্ৰবাৰে দিনটোত মুঠ ১৬০০ লোকক ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত মুঠ ২৯ জনৰ দেহত ধৰা পৰিছে ক'ৰণাৰ উপস্থিতি ।
জিলাখনৰ ২৫ টা নতুন কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে ৷ ইয়াৰোপৰি শোণিতপুৰ জিলাখনৰ বৰ্তমানলৈকে ১৪১৬৫ লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰিছে ৷