অসম

assam

ETV Bharat / city

শোণিতপুৰত কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ - শোণিতপুৰত কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

সমগ্ৰ পৃথিৱীত সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছ প্ৰশমনৰ বাবে অসম চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে এক নিৰ্দেশনা জাৰী কৰিছে ৷ জিলাখনত জন সমাগম ৰোধ কৰাৰ লগতে ৰাজহুৱা সভা সমিতিৰ সকলো কাৰ্যসূচী বাতিল কৰিবলৈ এঅই নিৰ্দেশ জাৰী কৰিছে জিলা উপায়ুক্তই ।

শোণিতপুৰত কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ
শোণিতপুৰত কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

By

Published : Mar 19, 2020, 8:37 PM IST

তেজপুৰ ১৯ মাৰ্চ : সমগ্ৰ পৃথিৱীক সন্ত্ৰাসিত কৰা কৰ’ণা ভাইৰাছ প্ৰশমনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে এক নিৰ্দেশনা জাৰী কৰিছে ৷ জিলাখনত জন সমাগম ৰোধ কৰাৰ লগতে ৰাজহুৱা সভা সমিতিৰ সকলো কাৰ্যসূচী বাতিল কৰাৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰী কৰিছে জিলা উপায়ুক্তই ।

ইতিমধ্যে জিলাখনৰ সকলো কথাছবি গৃহ, জিম, চুইমিং পুল আৰু সকলো শিক্ষানুষ্ঠানসমূহ অহা ২৯ মাৰ্চ পৰ্যন্ত ঘোষণা বন্ধ কৰিছে । তদুপৰি সকলো ক্ৰীড়া প্ৰতিযোগিতা, ব্যক্তিগত টিউশ্বন, কোচিং চেন্টাৰ আদি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখাৰ লগতে জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহও বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছে । উপায়ুক্তই সকলো ৰাজহুৱা তথা ব্যক্তিগত প্ৰেক্ষাগৃহ, বিবাহ ভৱন, নাট্য মন্দিৰ আদিও জিলা প্ৰশাসনৰ অনুমতি অবিহনে বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে । ইয়াৰ উপৰি সকলো জনসমাগম হোৱা স্থান, সভা, সমদল, নামকীৰ্ত্তন, থিয়েটাৰ, ধৰ্মীয় অনুষ্ঠান আদি স্থগিত ৰাখিবলৈ আহবান জনাইছে । জিলাখনত অৱস্থিত হোটেল, ল’জ আদিৰ স্বত্বাধিকাৰীসকলক হোটেলৰ আৱাসীসকলৰ ক্ষেত্ৰত ভ্ৰমণৰ সবিশেষ লোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে সন্দেহজনক কোনো তথ্য লাভ কৰিলে ততালিকে জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালিকাৰ ম’বাইল নং ৯৬৩৫০৮৬৯৮৭ ত অৱগত কৰিবলৈ নিৰ্দেশনা দিছে । জিলাখনৰ নগৰসমূহ পৰিস্কাৰকৰণৰ ক্ষেত্ৰত পৌৰসভাসমূহক বিশেষ পৰিস্কাৰকৰণ অভিযান যুদ্ধকালীনভাৱে কৰিবলৈ উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ জাৰী কৰিছে ।

শোণিতপুৰত কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

ইতিমধ্যে তেজপুৰ পৌৰসভাই এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু পথৰ কাষৰ ফুটপাথৰ সকলো খোলাকৈ থকা খাদ্য বিপনী জৰুৰীভাৱে পৌৰসভাই নিৰ্দ্ধাৰণ কৰি দিয়া স্থানলৈ স্থানান্তৰিত কৰাৰ বাবেও নিৰ্দেশ জাৰী কৰিছে । জিলা দুৰ্যোগ প্ৰশমন বিভাগে ম’বাইল নং ৯৪৩৫৩৭১৬৭২ ত জৰুৰী হেল্পলাইন মুকলি কৰি ৰাইজক এই বিষয়ত প্ৰয়োজনত ফোন যোগে অৱগত কৰিবলৈ অনুৰোধ জনাইছে । জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে সকলো ধৰণৰ ৰাজহুৱা স্থান তথা কাৰ্যালয় গৃহত অনাহকত ৰাইজৰ সমাগম ত্যাগ কৰাৰ বাবে অনুৰোধ জনায় । ইয়াৰ উপৰি জিলাখনৰ সকলো সংগ্ৰহালয়, পুথিভঁড়াল, অনুজ্ঞাপত্ৰ প্ৰাপ্ত বাৰ, দেশীয় সুৰাৰ দোকান, নাইটক্লাৱ, বিউটি-পাৰ্লাৰ, চেলুন, নাপিত বা তেনে জাতীয় বিপনী পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

উল্লেখ্য যে, এই নিৰ্দেশসমূহ তৎকালীনভাৱে জিলাখনত বলৱৎ কৰা হৈছে আৰু পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details