অসম

assam

ETV Bharat / city

ধেমাজি কাণ্ডৰ স্মৃতিত বিশ্বনাথত শোক দিৱস পালন

অসমৰ ইতিহাসৰ এটি ক'লা দিন ২০০৪ চনৰ ১৫ আগষ্টৰ দিনটো (Dhemaji bomb blast)৷ সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যৰে 16 আগষ্টৰ দিনটো পালন কৰি অহা হৈছে শোক দিৱস হিচাবে(Day of mourning) ৷ মংগলবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো পালন কৰা হয় শোক দিৱস ৷

Condolence meeting in Biswanath in memory of Dhemaji incident
ধেমাজি কাণ্ডৰ স্মৃতিত বিশ্বনাথত শোক দিৱস পালন

By

Published : Aug 17, 2022, 7:28 AM IST

Updated : Aug 17, 2022, 7:58 AM IST

বিশ্বনাথ,17 আগষ্ট:২০০৪ চনৰ ১৫ আগষ্টৰ দিনটো আছিল অসমৰ ইতিহাসৰ এটি ক'লা দিন (Dhemaji bomb blast by ULFA)৷ উক্ত দিনাই সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণত প্ৰাণ হেৰুৱাইছিল দহটি শিশুৰ লগতে তিনিগৰাকীকৈ মহিলাই(Brutal attack by terrorists in Dhemaji) ৷

স্বাধীনতা দিৱস উপলক্ষে আয়েজিত অনুস্থানত অংশগ্ৰহণৰ উদ্দেশ্যৰে আহি আকস্মিক মৃত্যুক সাৱটি লবলগীয়া হৈছিল শিশু আৰু মহিলাকেইগৰাকীয়ে ৷ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ২১ গৰাকীকৈ নিৰীহ লোক ৷ মুহুৰ্ততে ৰক্তাক্ত হৈ পৰিছিল ৫৮ সংখ্য়ক স্বাধীনতা দিৱস উদযাপনস্থলী ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ড(58th Independence day)৷ ইয়াৰ পিছতে ৰাজ্যজুৰি সন্ত্ৰাসবাদৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদৰ জোৱাৰ উঠিছিল(Protests against terrorism) ৷

৫৮ সংখ্যক স্বাধীনতা দিৱসত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যৰে 16 আগষ্টৰ দিনটো পালন কৰি অহা হৈছে শোক দিৱস হিচাবে(mourning day) ৷ ভয়াবহ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা শিশু আৰু অন্যান্য লোকসকলৰ স্মৃতিত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো মংগলবাৰে শোক দিৱস পালন কৰা হয় । এই উপলক্ষে দিনটোৰ বাবে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে উগ্ৰপন্থীৰ কূটাঘাতৰ বলি হোৱাসকলৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ।

উপায়ুক্তৰ সন্মিলন কক্ষত পুৱা ১১ বজাৰ পৰা আয়োজিত এই অনুষ্ঠানত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ উপৰিও অতিৰিক্ত উপায়ুক্ত ড৹ সূৰ্যকমল বৰা, সহকাৰী আয়ুক্ত অনন্যা লহকৰ, কোষাগাৰৰ প্ৰাধিকাৰী তপনজিৎ ডেকাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী উপস্থিত থাকি শোক দিৱসৰ শপত পাঠ কৰে ।

লগতে পঢ়ক:ধেমাজিৰ বিস্ফোৰণত নিহত মনজিৎ গগৈক কিদৰে মনত ৰাখিছে ৰাইজে ?

Last Updated : Aug 17, 2022, 7:58 AM IST

ABOUT THE AUTHOR

...view details