তেজপুৰ, 31 মে' : দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ স্মৃতিত বাণিজ্য দিৱস উদযাপন (Commerce Day celebrated in the memory of Bholanath Baruah) ৷ বিগত 2019 বছৰৰ পৰা ৩০ মে'ৰ দিনটো বাণিজ্য দিৱস ৰূপে তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই উদযাপন কৰি আহিছে ৷ লগতে অসমৰ অন্য সংগঠনসমূহকো বিশেষভাৱে এই দিৱস উদযাপন কৰিবৰ বাবে অনুৰোধ জনাই আহিছে ।
প্ৰতিবাৰৰ দৰে এইবাৰো তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উদ্যোগত আৰু অৰুণাচল চৰকাৰী পেন্সনাৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা এই সভাত তেজপুৰৰ কেইবাগৰাকীও গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতিত বীৰ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে (Commerce Day celebrated in Tezpur) ৷
ইয়াৰ পাছতেই বিশিষ্ট সাহিত্যিক ৰামচন্দ্ৰ চুতীয়াই মহেন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতি ৰোমন্থনৰে লিখা এখন পুথি উন্মোচন কৰে । গ্ৰন্থ উন্মোচনী ভাষণত সাহিত্যিকগৰাকীয়ে ১৯৬২ ৰ চীনা আক্ৰমণৰ চাক্ষুষ বৰ্ণনা আৰু টিবিআৰ ৰে’লৰ বহু অলিখিত ইতিহাসৰ লগতে দুৰ্গম অৰুণাচলৰ পাহাৰৰ বহু নজনা কথা গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷
সাউদ ভোলানাথ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সাধাৰণ সম্পাদক শান্তনু বৰুৱাই কয় যে, সাউদ ভোলানাথ বৰুৱা অসমীয়া যুৱ ব্যৱসায়ীৰ বাবে প্ৰেৰণাৰ এক অব্যয় উৎস । অসমৰ ভাষা, সাহিত্য, বাণিজ্য সংস্কৃতিৰ উত্তৰণত তেওঁৰ দৰে আন কেইবাজনো বিখ্যাত ব্যৱসায়ীৰ যি অৰিহণা, সেয়া লেখত ল’বলগীয়া ৷