অসম

assam

By

Published : Jan 25, 2022, 5:46 PM IST

ETV Bharat / city

প্ৰাক্তন সেনা জোৱান নৰেন চন্দ্ৰ দাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দালাই লামাক সুৰক্ষা প্ৰদান কৰি তিব্বত সীমান্তৰ পৰা ভাৰতলৈ অনা ভাৰতীয় সেনা জোৱান নৰেন চন্দ্ৰ দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma visits Sonitpur) ৷ এমাহ পূৰ্বে মৃত্যুক আঁকোৱালি লোৱা প্ৰাক্তন সেনা জোৱান জনলৈ শ্ৰদ্ধা নিবেদন মুখ্যমন্ত্ৰীৰ ৷

Himanta Biswa Sarma visits Sonitpur
Himanta Biswa Sarma visits Sonitpur

তেজপুৰ, ২৫ জানুৱাৰী : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে শোণিতপুৰ জিলাৰ বালিপৰাৰ উডমাৰী গাঁৱত অসম ৰাইফলছ বীৰ জোৱান স্বৰ্গীয় নৰেন চন্দ্ৰ দাসৰ ঘৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলিৰ জ্ঞাপন কৰে (Himanta Biswa Sarma visits Sonitpur)। স্বৰ্গীয় নৰেন চন্দ্ৰ দাসে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ ভৰপক সময়ত তীব্বতীয় ধৰ্মগুৰু চতুৰ্দশ দলাই লামাক সুৰক্ষা প্ৰদান কৰি ভাৰত-তিব্বত সীমান্তই দি অৰুণাচল প্ৰদেশৰ টাৱাংলৈ পাৰ কৰি লৈ আনিছিল খিনজিমনী পথেদি (Naren Chandra Das protected Dalai Lama)।

পঞ্চম অসম ৰাইফলছত কৰ্মৰত অৱস্থাত সেই সময়ত ৭ জন জোৱানৰ লগত দালাই লামক সুৰক্ষা প্ৰদান কৰি আনিছিল নৰেন চন্দ্ৰ দাসে (Indian Army protected Dalai Lama in India) ৷ অসমৰ তেজপুৰ চহৰত ভাৰতীয় সেনাৰ হাতত দালাই লামাক অৰ্পণ কৰিছিল সেনাৰ দলটোৱে । সেই কেইজন জোৱানৰ ভিতৰত একমাত্ৰ নৰেন দাস জীৱিত আছিল ৷ ২০২১ চনৰ ২৮ ডিচেম্বৰত তেওঁ ৰোগাক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ।

প্ৰাক্তন সেনা জোৱান নৰেন চন্দ্ৰ দাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম ৰাইফলছৰ এই বীৰ জোৱান গৰাকীৰ বালিপৰাৰ উদমাৰীগাঁৱৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে মৃত জোৱান গৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাচতে পৰিয়ালৰ সৈতে মত বিনিময় কৰে । লগতে নৰেন চন্দ্ৰ দাসৰ নামত এটা পথ নিৰ্মাণ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে ।

নৰেন চন্দ্ৰ দাসৰ ঘৰৰ পৰা ওলাই অঞ্চলটোৰ ৰাজহুৱা নামঘৰত আশীষ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma in Balipara)৷ মুখ্যমন্ত্ৰী অহাৰ বাতৰি পাই গাঁওখনৰ ৰাইজ নামঘৰত একগোট হোৱা দেখা যায় ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে গাঁওবাসী ৷

লগতে পঢ়ক :মনেশ্বৰ-চম্পাৰ বিয়াত অতিথি হ’ল মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details