অসম

assam

By

Published : Sep 5, 2020, 4:40 PM IST

Updated : Sep 5, 2020, 8:19 PM IST

ETV Bharat / city

অৰুণাচল প্ৰদেশৰ মেক মোহন লাইনৰ সমীপত চীনা সৈন্যৰ পথ নিৰ্মাণ : বিধায়ক নিনং এৰিং

পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙৰ বিস্ফোৰক টুইট ৷ ডিবাং ভেলীৰ সীমাত বিশিঙ অঞ্চলৰ ওচৰত চীনা কমিউনিষ্ট পাৰ্টিৰ সহযোগত চীনা সৈন্যই কেবাটাও নতুন পথ নিৰ্মাণ কৰাৰ দৃশ্য চেটেলাইটৰ জৰিয়তে সংগ্ৰহ ।

Chinese troops Construction of road near McMahon Line in Arunachal Pradesh: MLA  Ninong Ering
অৰুণাচল প্ৰদেশৰ মেক মোহন লাইনৰ সমীপত চীনা সৈন্যৰ পথ নিৰ্মাণ : বিধায়ক নিনং এৰিং

তেজপুৰ, 5 ছেপ্তেম্বৰ :চীন আৰু ভাৰতৰ সেনাৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ থকা সময়তে দৈনিক ন-ন তথ্য পোহৰলৈ আহিব ধৰিছে । অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ নাচু ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত-চীন সীমান্তৰ মেক মোহন লাইনৰ সমীপৰ পৰা 5 জন তাগিন জনগোষ্ঠীৰ যুৱকক চীনৰ পি এল এ সৈন্যই বন্দী কৰি নিয়াৰ তথ্য দিছে পাছিঘাটৰ কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিং আৰু বৰ্তমানৰ বিজেপিৰ সাংসদ তাপীৰ গাঁৱে ।

ইয়াৰ লগে-লগে কংগ্ৰেছৰ বিধায়ক নিনং এৰিঙে টুইটাৰত উল্লেখ কৰি কয় যে, ডিবাং ভেলীৰ সীমাত বিশিঙ অঞ্চলৰ ওচৰত চীনা কমিউনিষ্ট পাৰ্টিৰ সহযোগত চীনা সৈন্যই কেবাটাও নতুন পথ নিৰ্মাণ কৰাৰ দৃশ্য চেটেলাইটৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে । এৰিঙৰ মতে সীমান্তৰ ডিবাং ভেলীৰ আই টি বি পিৰ শেষ নিৰীক্ষণ শিবিৰৰ ডিম্বেনৰ পৰা প্ৰায় 100 কিল'মিটাৰ দূৰত্বত এই পথ নিৰ্মাণ কৰিছে । এই পথছোৱা 2019ৰ আগষ্ট মাহৰ পৰা 2020 এপ্ৰিল আৰু আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে ৷ যিটো ভাৰত চৰকাৰৰ বাবে এক ভয়াবহ বিষয় ৷ চীনৰ এই কৌশলৰ বিষয়ে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক টুইট যোগে জনাইছে বিধায়কগৰাকীয়ে ৷ অৰুণাচলৰ ভাৰত-চীন সীমান্তত বিগত আগষ্ট মাহৰ পৰা এক ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে ।

আনহাতে স্থানীয় সূত্ৰ মতে, চীনা সৈন্য বাহিনীৰ তৎপৰতা ডিবাং ভেলীৰ দক্ষিণ পূৱ দিশত সাগলাগাম আনজাও জিলা আৰু ডিবাং ভেলীৰ উত্তৰ-পশ্চিম দিশত জিনকিলা আৰু ইপ্সি ভেলীত বৰ্তমানেও স্পৰ্শকাতৰ হৈ আছে পৰিৱেশ । উক্ত অঞ্চলৰেই চীনা সৈন্য বাহিনী অৰুণাচল প্ৰদেশৰ ভূমিত প্ৰৱেশ কৰি আহিছে ।

উল্লেখ্য যে, ইটিভি ভাৰতৰ ফালৰ পৰাও এই সন্দৰ্ভত অধিক তথ্যৰ বাবে বিধায়ক নিনং এৰিঙৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা চলাই থকা হৈছে ৷

লগতে চাওক-পূৰ্ব লাডাখ বিবাদ সম্পৰ্কত দুই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক

Last Updated : Sep 5, 2020, 8:19 PM IST

ABOUT THE AUTHOR

...view details