অসম

assam

ETV Bharat / city

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ, ৰিজাং লাত চীনা সৈন্যৰ ঘাটি স্থাপনৰ চেষ্টা

ভাৰত-চীন সীমান্তত ইণ্ডিয়ান আৰ্মি আৰু পিএলএৰ মাজত উদ্বেগজনক অৱস্থা অব্যাহত আছে ৷ এনে অৱস্থাত প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ঘাটি স্থাপনৰ বাবে চেষ্টা চলাইছে চীনৰ পিএলএ ৷ ইতিমধ্যে চীনৰ গ্লোবেল টাইমছে টুইটাৰযোগে চীনা সৈন্যৰ বৃহৎ সামৰিক কুছকাৱাজৰ দৃশ্যাৱলী টুইট কৰিছে ৷ ঘটনা সন্দৰ্ভত ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন বিষয়া লেফ. কৰ্ণেল একে নন্দীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একমাত্ৰ ইটিভি ভাৰতৰ আগত ৷

By

Published : Sep 9, 2020, 7:42 PM IST

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ
প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ

তেজপুৰ, 9 ছেপ্টেম্বৰ : ভাৰত চীন সীমান্তৰ ইষ্টাৰ্ণ লাডাখৰ ৰিজাং-লা ছেক্টৰৰ সমীপত 7 ছেপ্টেম্বৰ সন্ধিয়াৰ চীনা পিএলএ আৰ্মীয়ে অত্যাধুনিক অস্ত্ৰৰে খোপনি লোৱাৰ পিছত আজি কমিউনিষ্ট ৰাষ্ট্ৰখনৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছে এক উচটনিমূলক টুইট প্ৰকাশ কৰে ।

এই টুইটত সীমান্তৰ অন্য দিশে চীনা সৈন্যই মিছাইল আৰু অত্যাধুনিক অস্ত্ৰৰ কুচকাৱাজ কৰাৰ ভিডিঅ' প্ৰচাৰ কৰে ৷ ভিডিঅ'টোত চীনা সৈন্যই স্বয়ংচালিত টোপ আৰু মাল্টি বেৰেল ৰকেট লাঞ্চাৰেৰে গোলাবৰ্ষণ কৰাৰ দৃশ্যাংশ প্ৰচাৰ কৰে । ৰিজাং-লাত চীনা সৈন্যই QBZ-95 Guns, spears আদিও কঢ়িয়াই ৰাখিছিল,হয়তো এই অস্ত্ৰৰে সীমান্তত আজি চীনা সৈন্যই এইদৰে উচটনিমূলক কুচকাৱাজ আৰম্ভ কৰে । ৰিজাং-লা, প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ লাডাখৰ অন্তৰ্ভুক্ত আৰু ই প্ৰায় 5,500 মিটাৰ উচ্চতাত অৱস্থিত । ইয়াৰ পৰা 2-3 কিলোমিটাৰ উত্তৰ পশ্চিমত ৰিচিং-লা নামৰ অন্য এটা সীমান্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অন্তৰ্গত আৰু এই অঞ্চলৰ পথ ভাৰত আৰু চীন সীমান্তৰ দুয়ো পাৰে আছে ।

মেজৰ চৈতান সিং

ৰিজাং-লাত 1962 চনৰ চীনা যুদ্ধত 13 কুমাও ৰেজিমেণ্টৰ অধীনত আছিল আৰু তেতিয়াৰ কোম্পানীৰ নেতৃত্বত দিছিল মেজৰ চৈতান সিঙে । এই ঠাইৰ অসুবিধা আছিল সেই সময়ত ভাৰতীয় সেনাৰ আৰ্টিলাৰী অপাৰেচন ৷ ভাৰতীয় সেনাই কোনো আৰ্টিলাৰী সহায় নোহোৱাকৈ যুদ্ধ কৰিছিল যাৰ ফলত 62ৰ 18 নৱেম্বৰত 114 জন ভাৰতীয় সেনা আৰু সকলোকে লৈ 120 জনৰ মৃত্যু হৈছিল । ইয়াৰ স্মৃতি হিচাবে ৰেৱাৰীত স্মৃতি সৌধ আছে য'ত এই দিশেৰে চীনৰ অধিকাংশ সৈন্য আহি সোমাইছিল আৰু পৰিণতিত চীনৰ 1,300 সৈন্যৰ মৃত্যু ঘটিছিল ।

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ

প্ৰশ্ন হয় চীনে এই দিশেৰে 1962 ৰ পুনৰাবৃত্তি কৰিবৰ বাবে সীমান্তৰ 4,900 মিটাৰ উচ্চতাত মিছাইল, প্ৰেচিএছ, কম্বাইণ্ড ষ্টাইক চিষ্টেমৰ অনুশীলন প্ৰদৰ্শন কৰিছে নেকি ? আনহাতে উক্ত অঞ্চলত কৰ্মৰত ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন বিষয়া লেফ. কৰ্ণেল একে নন্দীৰ মতে ৰিজাং-লা চাউনী কভাৰ কৰি ভাৰতীয় সৈন্যই ভেটা দি ৰখাটো প্ৰশংসনীয় আৰু ই অতি জৰুৰী ৷

লগতে পঢ়ক :ভাৰতীয় সৈন্য অপ্ৰতিৰোধ্য: লেফটেনেণ্ট কৰ্ণেল এ কে নন্দী

ABOUT THE AUTHOR

...view details