তেজপুৰ,২৮ অক্টোবৰ: অসমৰ কিশোৰ কাশ্মীৰত উদ্ধাৰ ৷ ৰাজ্যত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ ৷ শোণিতপুৰ আৰক্ষীয়ে এক বিশেষ অভিযান
সাৱধান! ৰাজ্যত সক্ৰিয় কিশোৰ সৰবৰাহকাৰী; কাশ্মীৰলৈ সৰবৰাহ ! - Child Traffickers Assam Today's News
হঠাৎ কাশ্মীৰ লৈ কিশোৰ আৰু যুৱক সৰবৰাহ কৰা উদ্দেশ্য কি এই বিষয়ে স্পষ্ট নহয় আৰক্ষী । এই বৃহৎ নেটৱৰ্কত জড়িত আছে তেজপুৰ, নগাওঁ, ৰঙীয়া আৰু ওদালগুৰি আদিৰ একাংশ দালাল। এইসকল দালালে শিশু অপহৰণ কৰি ৰঙিয়ালৈ নিয়ে আৰু তাৰ পৰা ট্ৰেইনৰে দিল্লী লৈ প্ৰেৰণ কৰে । দিল্লীৰ পৰা বিশেষ উদ্দেশ্যে শিশু সৰবৰাহ কৰা হয় কাশ্মীৰলৈ ।
শুনক কি ক'লে ভুক্তভোগীয়ে
উদ্ধাৰ কৰে তিনি কিশোৰ ৷ ১৪ অক্টোবৰত বৰঘাত আৰক্ষীৰ অন্তৰ্গত কাবিলাবাদ স্কুলৰ পৰা সন্ধানহীন হৈছিল কিশোৰ তিনিজন ৷ যোৱা ১৪ অক্টোবৰত স্কুলত অহাৰ পাছৰ পৰাই সন্ধানহীন হৈছিল কিশোৰ তিনিজন । সন্দেহ অনুসৰি, নৱম আৰু দশম শ্ৰেণীৰ এই তিনিটা কিশোৰক এটা মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত পৰি গুৱাহাটীৰ পৰা ট্ৰেইনত কাশ্মীৰ গৈ পায় ।