অসম

assam

ETV Bharat / city

তেজপুৰত উপস্থিত ‘বৰ্ডাৰ ৰোডছ’ৰ বাইক ৰেলী - বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছন

দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিগত 14 অক্টোবৰত সীমান্ত পথ নিৰ্মাণ সংস্থা 'বি আৰ অ'ৰ বাইক ৰেলীৰ ফ্লেগ অফ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ মঙলবাৰে এই দলটো নতুন দিল্লীৰ পৰা তেজপুৰত আহি উপস্থিত হয় ৷

border-roads-s-bike-rally-arrived-at-tezpur
তেজপুৰত উপস্থিত ‘বৰ্ডাৰ ৰোডছ’ৰ বাইক ৰেলী

By

Published : Nov 10, 2021, 11:42 AM IST

তেজপুৰ, 10 নৱেম্বৰ :তেজপুৰত উপস্থিত 'বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন'ৰ ২১ জনীয়া বাইক ৰেলীৰ দলটো ৷ বিগত 9 নৱেম্বৰত দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰা দলটোৱে মঙলবাৰে তেজপুৰ উপস্থিত হয় ৷ এই 21 জনীয়া দলটোত 11 গৰাকী সেনাবাহিনীৰ লোক আৰু বাকী কেইগৰাকী পেছাদাৰী সংগঠনৰ লোক বুলি জানিব পৰা গৈছে ৷

তেওঁলোকে এই বাইক ৰেলীৰ জৰিয়তে দেশৰ ৰাজধানীৰ পৰা সীমান্তৰ পাদদেশত উপস্থিত হৈ লোকসকলৰ সৈতে বাৰ্তা প্ৰেৰণ কৰাৰ এক প্ৰয়াস কৰিছে ৷ লগতে সীমান্ত পথ নির্মাণকাৰী 'বৰ্ডাৰ ৰোডছ’এ পথ সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ সদায় চেষ্টা অব্যাহত ৰাখিছে ।

তেজপুৰত উপস্থিত ‘বৰ্ডাৰ ৰোডছ’ৰ বাইক ৰেলী

দলটোৱে তেজপুৰ 'প্ৰজেক্ট ভৰত্বক'ৰ পৰা অৰুণাচল প্ৰদেশৰ সীমান্তলৈকে যোৱাৰ পৰিকল্পনা হাতত লোৱা বুলি জানিব দিয়ে ।

ইয়াৰোপৰি এই দীঘলীয়া যাত্ৰাৰ সময়তে বৰ্ডাৰ ৰোডছৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত 'বৰ্ডাৰ ৰোডছ'ৰ বিষয়াসকলে প্ৰাক্তন সেনাবাহিনীৰ লোকসকলক আৰু বীৰ নাৰী সকলৰ মাজতো ভাতৃত্ববোধৰ মনোভাৱ আদান প্ৰদান কৰে ।

উল্লেখ্য যে, দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিগত 14 অক্টোবৰত সীমান্ত পথ নিৰ্মাণ সংস্থা 'বি আৰ অ'ৰ বাইক ৰেলিৰ ফ্লেগ অফ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

লগতে পঢ়ক :IIT গুৱাহাটীত চাৰিটাকৈ ড্ৰোণ টেকন’ল’জি কেন্দ্ৰ মুকলি

ABOUT THE AUTHOR

...view details