ইটানগৰ, ১২ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ অতিকে দুৰ্গম অঞ্চলত বানত বিধ্বস্ত হৈছিল যোগাযোগৰ একমাত্ৰ উপায় ।
অৰুণাচলত নিৰ্মাণকাৰ্য আৰম্ভ বানবিধ্বস্ত দলঙৰ - বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন
বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন আৰু ভাৰতীয় স্থলসেনাৰ সহযোগত অৰুণাচলত নিৰ্মাণকাৰ্য চলি আছে বানবিধ্বস্ত দলঙৰ
![অৰুণাচলত নিৰ্মাণকাৰ্য আৰম্ভ বানবিধ্বস্ত দলঙৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2431150-658-fe950ec8-41d5-400a-855c-aab79920d969.jpg)
বানপানীৰ ফলত ধ্বংস হোৱা দলংখনৰ ফলত স্থানীয় ৰাইজ আৰু সেনাবাহিনীৰ বাবে বিশেষ অসুবিধাই দেখা দিছিল । নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য কৰি আৰু স্থানীয় ৰাইজৰ সুবিধা হোৱাকৈ ইতিমধ্যে দলঙৰ নিৰ্মাণকাৰ্যৰ আৰম্ভনি কৰিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে ।
ইতিমধ্যে নিৰ্মাণকাৰ্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ নামনি সোৱনশিৰি জিলাৰ এই দুৰ্গম স্থানলৈ কঢ়িয়াই নিয়া হৈছে । ভাৰতীয় বায়ু সেনাৰ MI-17 হেলিকপ্টাৰেৰে দলঙখনৰ বাবে প্ৰায় ৮০টন সামগ্ৰী কঢ়িয়াই নিয়া হৈছে । সেনাবাহিনীৰ সূত্ৰই প্ৰেৰণ কৰা দৃশ্যাৱলীত এই সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছে আৰু আহি পৰিছে একমাত্ৰ ETV Bharat অসমৰ হাতত ।