অসম

assam

By

Published : Mar 2, 2019, 11:26 PM IST

ETV Bharat / city

চতিয়াত এবছুৰ উদ্যোগত উদযাপন বড়োলেণ্ড দিৱস

সমগ্ৰ ৰাজ্যৰ লগতে চতিয়া সমষ্টিটো এবছুৰ উদ্যোগত উদযাপন কৰা হয় বড়োলেণ্ড দাবী দিৱস ৷

বড়োলেণ্ড দিৱস

বিশ্বনাথ, 2 মাৰ্চঃ সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিটো পালন কৰা হয় বড়োলেণ্ড দিৱস ৷ সমষ্টিৰ ইটাখোলাৰ সমীপৰ জয়সিদ্ধিত বিশ্বনাথ জিলা এবছুৰ উদ্যোগত স্থানীয় লোকসকলে উদযাপন কৰে বড়োলেণ্ড দিৱস ৷

জয়সিদ্ধিত অনুষ্ঠিত হোৱা বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি দ্বীপেন বড়ো, এন ডি এফ বি প্ৰগতিশীলৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, পিপুলছ জইন্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ মুখপাত্ৰ ধনেশ্বৰ বসুমতাৰী উপস্থিত থাকে ৷

বড়োলেণ্ড দিৱসৰ লগত সংগতি ৰাখি স্থানীয় শিল্পীসকলৰদ্বাৰা বড়ো পাৰম্পৰিক সংগীত-নৃত্য প্ৰদৰ্শণ কৰা হয় ৷ আনহাতে ৰাজহুৱা সভাত নিজৰ ভাষণ প্ৰসংগত মুখ্য অতিথি হিচাপে উপস্থিত থকা গোবিন্দ বসুমতাৰীয়ে বিজেপিক প্ৰতাৰকৰ দল বুলি উল্লেখ কৰে ৷ সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত বড়োসকলৰ সমস্যা সমাধান কৰাৰ লক্ষ্যৰে যি দলে আগবাঢ়িব সেই দলকে বড়োসকলে ভোট দিব বুলি উল্লেখ কৰে ৷ আনহাতে সভাত উপস্থিত থকা এবছুৰ উপ-সভাপতি দ্বীপেন বড়োৱে নিজৰ ভাষণ প্ৰসংগত কলা-সংস্কৃতিৰ লগতে প্ৰাপ্য অধিকাৰৰ বাবে বড়োসকলে 1987 চনৰ পৰাই সুদীৰ্ঘ 32 বছৰ ধৰি যি সংগ্ৰাম চলাই আহিছে সেই সংগ্ৰাম এতিয়াও চলি থাকিব ৷ যেতিয়ালৈকে বড়োসকলৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে বড়োসকল ক্ষান্ত নাথাকে বুলি সভাত উল্লেখ কৰে বড়োৱে ৷

উল্লেখ্য যে, 2 মাৰ্চৰ দিনটো সমগ্ৰ অসমতে বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰি আহিছে বড়ো জনগোষ্ঠীৰ লোকসকলে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তকে ধৰি কোকৰাঝাৰ, গুৱাহাটী, শালবাৰী, মুছলপুৰ আদি অঞ্চলটো শনিবাৰৰ দিনটো বড়োসকলে বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰে ৷

ABOUT THE AUTHOR

...view details