তেজপুৰ, 20 জুনঃ তেজপুৰৰ কলিবাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কৃষান ৷
তেজপুৰত পিতৃৰ সমাধিত পুত্ৰৰ শ্ৰদ্ধাঞ্জলি আজি 20 জুন,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে মহান শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ ৰাভা দিৱসৰ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেজপুৰ কলিবাৰীস্থীত সমাধিক্ষেত্ৰত দেখা গ'ল একেই দৃশ্য । পিতৃৰ সমাধিত পুত্ৰ পৃথ্বীৰাজ ৰাভাই বন্তি প্ৰজ্বলন কৰি গীতে গাই পিতৃক জনালে শ্ৰদ্ধাঞ্জলি।
আনহাতে শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কৃষান ৷ মহান শিল্পী গৰাকীৰ সমাধিত কলাগুৰুক সেৱা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী সঞ্জয় কৃষানে ৷ মন্ত্ৰীজনে সাংবাদিকৰ আগত মন্তব্য কৰে যে,গণশিল্পী গৰাকীৰ সংগ্ৰাহলয়ৰ নামত আৱণ্টিত ধন ব্যৱহাৰ নোহোৱাকৈয়ে আছে ৷ আৰু ভূমিৰ অভাৱৰ বিষয়টো আজিয়েই মুখ্যমন্ত্ৰীক অৱগত কৰি সমাধানৰ ব্যৱস্থা কৰা হ'ব বুলিও কয় ৷ আনহাতে কলাগুৰুৰ জেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ লগত ৰাভাৰ কেইবাটাও গীত পৰিৱেশন কৰে মন্ত্ৰীজনে । শিল্পীজনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছু,অসম জাতীয়তাবাদী যুৱ সন্মিলন, কংগ্ৰেছ দলৰ সদস্যৰ লগতে বহু ব্যক্তিয়ে সমন্বয়ক্ষেত্ৰত মহান শিল্পী গৰাকীৰ সমাধিত শ্ৰদ্ধা জনায় ।
লগতে পঢ়ক- বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদযাপন অসম যুৱ পৰিষদৰ