গুৱাহাটী, 16 এপ্ৰিলঃ জালুকবাৰীত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভিকে ভানুৰ নিৰ্বাচনী প্ৰচাৰ । জালুকবাৰী সমষ্টিৰ মান্দাকাটাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ভানুৱে সমালোচনাৰে থকা সৰকা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । প্ৰচাৰ সভাত ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি বিজেপিয়ে ৰাজ্যত অশুভ পৰম্পৰা আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ।
অহংকাৰী বিজেপি-হিমন্তক পৰাভূত কৰিব ৰাজ্যৰ জনতাইঃ ভানু
জালুকবাৰী সমষ্টিৰ মান্দাকাটাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা সৰকা কৰে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৱে
জালুকবাৰীত কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৰ নিৰ্বাচনী প্ৰচাৰ
উল্লেখ্য যে, কংগ্ৰেছ দলক জালুকবাৰীৰ ভোটাৰে হিলদল ভাঙি ভোট দিব বুলিও আস্থা প্ৰকাশ কৰে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । লগতে কংগ্ৰেছক ধুতি লুঙিৰ দল বুলি কৈ হিমন্তই ডাঙৰ ভুল কৰিছে বুলি মন্তব্য ভানুৰ । কেৱল সেয়াই নহয়, হিমন্তক ডাঙৰ নেতা আখ্যা দি এনে সৰু মন্তব্য নকৰিবলৈ পৰামৰ্শ ভানুৰ । তাৰোপৰি মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্তক অতি শীঘ্ৰেই ক্ষমা খোজাৰ দাবী তোলে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে।