তেজপুৰ, ২৪ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতা-মন্ত্ৰী নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে চাহ শ্ৰমিকে মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । বুধবাৰে শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত চাহ মজদুৰ সংঘৰ লগতে অসমৰ চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই শোণিতপুৰত প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ প্ৰতিখন চাহ বাগিছাত মন্ত্ৰী সঞ্জয় কিষান মুৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ফাকিবাজ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বিধানসভা নিৰ্বাচনৰ ভোটৰ অংকৰে পুনৰ চাহ আদিবাসীসকলক ললিপপ দিবলৈ ওলাইছে ৷ চৰকাৰৰ এই নিৰ্বাচনী টোপ গ্ৰহণ নকৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ ৷ চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰি কেৱল মাত্ৰ ৫০ টকা বৃদ্ধি কৰি চাহ শ্ৰমিকসকলক ললিপপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷