তেজপুৰ,২৮মেঃ দিহিং পাটকাইত কেন্দ্ৰীয় চৰকাৰে কয়লা খননৰ অনুমতি দিয়াৰ বিৰুদ্ধে তেজপুৰত জিলা আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ তেজপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷
কয়লা খননৰ বিৰুদ্ধে তেজপুৰত তীব্ৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ - দিহিং পাটকাই অভয়াৰণ্য
তেজপুৰত দিহিং পাটকাই অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে কয়লা খননৰ অনুমতি দিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জিলা ছাত্ৰ সন্থাৰ ৷ অতি শীঘ্ৰে প্ৰস্তাব বাতিল কৰিবলৈ চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
উজনি অসমৰ আমাজন স্বৰূপ দিহিং পাটকাই অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে কয়লা খননৰ অনুমতি দিয়াৰ বিৰুদ্ধে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে ৷ ঠিক একেদৰে উক্ত সিদ্ধান্তৰ বিৰুদ্ধে আজি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু তেজপুৰ জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তাৰোপৰি ছাত্ৰ সংগঠনটোৰ নেতা সকলে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰক আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে । দিহিং পাটকাই অভয়াৰণ্যত কোনো কাৰণতে কয়লা খনন কৰিবলৈ দিয়া নহব বুলি সকিয়াই দিয়ে সংগঠনটোৰ নেতা সকলে । তাৰোপৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ বিষয়তো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি অতি শীঘ্ৰে এই প্ৰস্তাৱ বাতিল কৰিবলৈ সকিয়াই দিয়ে ৷ যদি এই সিদ্ধান্ত চৰকাৰে বাতিল নকৰে তেনেহলে অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৰ নেতা সকলে ।