নগাঁও,28 জানুৱাৰী : নগাঁৱত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক ক'লা পতাকা প্ৰদৰ্শন সদৌ অসম ছাত্ৰ সন্থাৰ । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শন । আৰক্ষীয়ে আটক কৰিলে নগাঁও আছুৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন, সহসাধাৰণ সম্পাদক ৰাজশ্বেখৰ বৰা, ৰুবুল কাকতিসহ কেইবাজনো সদস্যক । নগাঁও সদৰ আৰক্ষী থানাত ৰখা হৈছে আটকাধীন আছু সদস্যসকলক । নগাঁৱৰ এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তে ছাত্ৰ সন্থাৰ সদস্যই প্ৰদৰ্শন কৰে ক'লা পতাকা ।
নগাঁৱত ক'লা পতাকাৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত একেদৰে, বৰপেটাত ক'লা পতাকাৰ সন্মুখীন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ বৰপেটাত খিলঞ্জীয়া ভূমিহীন লোকক ভূমিৰ পট্টা বিতৰণ অনুষ্ঠানত অংশ লবলৈ যোৱাৰ সময়ত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই মন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰে কলা পতাকা ৷ আৰক্ষী-চিআৰপিএফৰ বেষ্টনীৰ পৰাই মন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰিলে ক'লা পতাকা ৷ ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত কা' আমি নামানো, বিজেপি মুৰ্দাবাদ আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে আছুকৰ্মীসকলে ৷
বৰপেটাত ক'লা পতাকাৰ সন্মুখীন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ইপিনে মঙলদৈত খিলঞ্জীয়া ভূমিহীন লোকক ভূমিৰ পট্টা বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি উভতাৰ পথত ক'লা পতাকাৰ সন্মুখীন হ'ল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু দৰং জিলা প্ৰশাসনৰ উদোগত মঙলদৈস্থিত জিলা পুথিভঁৰালত অনুস্থিত এক ৰাজহুৱা সভাত ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ অনুষ্ঠান অংশ গ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি অসম চুক্তিৰ ছয় নম্বৰ দফা অনুযায়ী অহা ফ্ৰেব্ৰুৱাৰী মাহত ভূমি নীতি আইন বলৱৎ কৰা হ'ব, খিলঞ্জীয়া লোকৰ বাহিৰে আন কোনো লোকে মাটি বেছা কিনা কৰিব নোৱাৰিব, লগতে সত্ৰ সমূহতো ভূমি পট্টা দি বেদখল মুক্ত কৰা হ'ব বুলি মন্ত্ৰী হিমন্ত বিশ্বই ভাষণ প্ৰদান কৰে । এই উপলক্ষে অনুস্থিত সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মঙলদৈ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, দৰং জিলা উপায়ুক্ত ঘনশ্যাম দাস, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰে ।
মঙলদৈত ক'লা পতাকাৰ সন্মুখীন হ'ল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এই সভাৰ পৰা উভতি যাওঁতে হিমন্ত বিশ্ব শৰ্মাক ক'লা পতকা দেখুৱাই আছুৱে ৷
তেজপুৰত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কলা পতাকা প্ৰদৰ্শন একেদৰে, তেজপুৰত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কলা পতাকা প্ৰদৰ্শন । তেজপুৰত এক চৰকাৰী ভূমি পট্টা হস্তান্তৰ সভাত অংশ গ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী পাটোৱাৰী আছুৰ ৰোষত পৰে ৷ "কা" বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি আছুৰ নেতৃত্বই আজি মন্ত্ৰীক তথা তেজপুৰত বিজেপিৰ কোনো নেতাক প্ৰৱেশ নকৰিবলৈ আৰু উচটনি মূলক মন্তব্য প্ৰদানত বাধা প্ৰদান কৰে । ইয়াৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীৰ মন্তব্য যে, "মোক ক'লা পতাকা দেখুৱাইছে মই কোনো বেয়া পোৱা নাই । তেওঁলোকে দেখুৱাইছে, মই চাইছো ৷"
লগতে পঢ়ক:দেশদ্ৰোহিতাৰ অভিযোগত বিহাৰত গ্ৰেপ্তাৰ জেএনইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমাম