তেজপুৰ, ৩১ আগষ্ট :অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে বুধবাৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তেজপুৰ চহৰৰ সংলগ্ন পুৰাতত্ব বিভাগৰ অধীনৰ ঐতিহাসিক ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে । অসমৰ ঐতিহাসিক স্থান সমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সভ্যতা-সংস্কৃতি সংৰক্ষণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এটা নতুন বিভাগ গঠন কৰিছে । Indegenious faith and Culture নামৰ এই বিভাগটোৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থানসমূহৰ সংৰক্ষণৰ লগতে প্ৰত্নতাত্বিক সমলসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এই উদ্দেশ্যে বুধবাৰে তেজপুৰৰ অগ্নিগড়, দ-পৰ্বতীয়া শিলান্যাস অৰ্থাৎ দ্বিতীয় টোৰণ গঢ়দৌল, বামুনি পাহাৰ আদি ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । উল্লেখ্য যে, সেই সময়ৰ মৈয্য বংশৰ ৰজাই প্ৰতিষ্ঠা কৰা দ-পৰ্বতীয়াৰ এই তোৰণৰ দুৱাৰৰ দুয়ো দিশে খোদিত আছে গঙ্গা যমুনাৰ প্ৰতিচ্ছবি আৰু অলেখ ভাস্কৰ্য । তাৰোপৰি মাজত আছে ৰুদ্ৰ লিংগ ।