তেজপুৰ, 31 আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে স্বাধীন থিয়েটাৰৰ সহযোগত বিগত ২৯ আগষ্টত “তোমাৰ নিবিড় মায়াৰে” নামেৰে এখন অসমীয়া নাটক মঞ্চস্থ কৰে (Assamese drama staged in Tezpur University) । নাটখনৰ মূল অভিনেতা-অভিনেত্ৰী আছিল সত্যজিৎ গগৈ আৰু অপৰ্ণা দত্ত চৌধুৰী । প্ৰতিষ্ঠিত নাট্যকাৰ ঋতুপৰ্ণ দাসে নাটকখনৰ ৰচনা আৰু পৰিচালনা কৰিছে । তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (KBR) প্ৰেক্ষাগৃহত নাটকখন মঞ্চস্থ কৰা হয় (Drama program at Tezpur University) ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ জুৰি দত্তই অনুষ্ঠানৰ আঁত ধৰে । অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা মুৰব্বী ড৹ সুব্ৰত জ্যোতি নেওগে আদৰণি ভাষণ প্ৰদান কৰে আৰু উদ্বোধনী ভাষণ আগবঢ়াই সমাজ বিজ্ঞান বিভাগৰ অধ্যাপক চন্দন কুমাৰ শৰ্মাই ।
নাটকখন মূলতঃ অসমক কেন্দ্ৰ কৰি, ইয়াৰ বিভিন্ন সামাজিক-ৰাজনৈতিক সমস্যাৰ ওপৰত আধাৰিত (Assamese drama Tumar Nibir Mayare) । মাত্ৰ দুটা চৰিত্ৰৰে নিৰ্মিত এঘণ্টীয়া নাটকখনে সাহিত্য, সমাজ আৰু ৰোমান্টিক দিশক সাঙুৰি লৈছে ৷ লগতে দুয়োটা চৰিত্ৰই কেইটামান ফোন কলৰ জৰিয়তে নিজ নিজ চিন্তাধাৰা নাটকৰ জৰিয়তে উপস্থাপন কৰিছে । সুন্দৰ অভিনয়, গভীৰ অধ্যয়ন আৰু চিন্তাৰে লিখা এই নাটকখনে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
নাটকখনৰ পৰিচালক, অভিনেতা-অভিনেত্ৰী আৰু অন্যান্য কলাকুশলীৰ ধন্যবাদ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু তথ্য বিষয়া অম্বৰীশ বৰদলৈয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইজনমান প্ৰাক্তন ছাত্ৰই নিৰ্মাণ কৰা, চি এন ডি প্লে’ এপত ষ্ট্ৰীমিং সদ্য মুকলি হোৱা ৱেব ছিৰিজ “কলংপাৰ”ৰ বিষয়েও দৰ্শকক অৱগত কৰে (Kolongpar Web series) ।
লগতে পঢ়ক:অসমৰ নতুন মুখ্য সচিব ৰূপে দায়িত্ব গ্ৰহণ পৱন কুমাৰ বৰঠাকুৰৰ