অসম

assam

ETV Bharat / city

ভয়ানকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ - অসমৰ বানপানী

বিগত কিছুদিন ধৰি ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভয়ানকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷

ভয়ানকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ
ভয়ানকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

By

Published : May 26, 2020, 2:03 PM IST

তেজপুৰ, 26 মে' : অসমত ভয়াৱহভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । বিগত কিছুদিন ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নেৰা-নেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে আৰম্ভ হৈছে ভূমিস্খলন । ইয়াৰ সমান্তৰালকৈ ভয়ানকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ চুবুৰীয়া অৰুণাচল প্ৰদেশত হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত অসমত বিভিন্ন নদী আৰু উপনদীসমূহ ফেনে-ফুটুকাৰে বৃদ্ধি পাইছে আৰু ৰাজ্যৰ বিভিন্ন স্থানত সৃষ্টি হৈছে বানপানীৰ ।

মন্ত্ৰী কেশৱ মহন্ত

অসমত বিগত বছৰটোৰ মেৰামতি কৰিবলৈ থাকি যোৱা বিভিন্ন মথাউৰিসমূহৰ পুনৰ মেৰামতি কাম পূৰ্ণগতিত চলিছে বুলি সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰে ৰাজ্যৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । ভগ্ন আৰু আধৰুৱা কামসমূহ অতি সোনকালেই শেষ হোৱাৰ কথা সদৰী কৰাৰ সময়তে ৰাজ্যত বৃদ্ধি পাইছে জলস্তৰ । ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ গোৱালপাৰা জিলাকে ধৰি দৰং, শোণিতপুৰ, লখিমপুৰ, বাক্সা, ওদালগুৰি, নলবাৰী, বৰপেটা, ধুবুৰী আৰু বঙাইগাঁও জিলা ব্যাপকভাৱে ক্ষতিগ্ৰস্থ হৈছে ৷ নীপকোকে ধৰি অন্যান্য জলবিদ্যুৎ প্ৰকল্পসমূহে খুলি দিয়া পানীৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বহুকেইখন জিলাত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

...view details