তেজপুৰ, ৩ জুলাই :সততে চাহ বাগিচাৰ শ্ৰমিক সকলৰ মাজত ক’ভিড সম্পৰ্কে সজাগতাৰ অভাৱ বুলি বিভিন্ন জনে অভিযোগ উত্থাপন কৰি আহিছে ৷ বহু ক্ষেত্ৰত প্ৰায়েই চাহ শ্ৰমিক সকলৰ মাজত ভেকচিন গ্ৰহণৰ প্ৰতি থকা আগ্ৰহৰো অভাৱ বুলি আলোচিত হৈ আহিছে ৷ কিন্তু, সম্প্ৰতি এই অভিযোগ মিছা বুলি প্ৰমাণিত কৰিছে ৰাজ্যৰ চাহ শ্ৰমিক সকলে ৷ ৰাজ্যৰ চাহ শ্ৰমিক ৰাইজৰ মাজত ভেকচিন সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা নিঃশেষ হ’বলৈ ধৰাৰ ফলস্বৰূপে ভেকচিন ল’বলৈ আগবাঢ়ি আহিছে ৰাইজ ৷ তেজপুৰত এই মন্তব্য আগবঢ়াইছে মন্ত্ৰী সঞ্জয় কিষাণে ৷
পূৰ্বে চাহ শ্ৰমিক সকলৰ মাজত থকা ভ্ৰান্ত ধাৰণা ৰোধ কৰিবলৈ অসম চৰকাৰে ভেকচিন সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ জৰিয়তে প্ৰয়াস কৰিছে । ৰাজ্যৰ প্ৰত্যেকখন চাহ বাগিচাৰ শ্ৰমিকৰ মাজত ক’ভিড সজাগতা সৃষ্টি কৰাৰ লগতে আক্ৰান্ত লোকক হোম কোৱাৰেন্টাইন কৰি থোৱাৰ পৰিৱৰ্তে পোনে পোনে চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হয় ৷ এই কথা জানিবলৈ দিছে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে(labour minister Sanjay Kishan) ৷