তেজপুৰ, ১০ জুন :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত প্ৰথমখন কেবিনেট বৈঠক তেজপুৰ অনুষ্ঠিত হ’ব শনিবাৰে ৷ ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী অজন্তা নেওগে তেজপুৰত ঘোষণা কৰে যে, এই কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে (Assam cabinet meeting in tezpur)৷ মূলতঃ এইদৰে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (Assam cabinet meeting) অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যৰ সম্পৰ্কত বিত্তমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্যৰ চুক কোণৰ প্ৰতিটো সমস্যা যাতে স্বচক্ষে বুজিব পৰা যাই তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে ৷
আনহাতে পিপিই কিট বিতৰ্ক সম্পৰ্কত বিৰোধীয়ে এনেয়ে হৈ-ছৈ কৰি আছে বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্যত বিৰোধীৰ হাতত এতিয়া কোনো ইছ্যু নাই বাবেই এনেবোৰ কথাক লৈ হুলস্থূল কৰি আছে (Assam PPE Kit controversy)৷