অসম

assam

ETV Bharat / city

‘চলো পাল্টাই’ৰ বিৰুদ্ধে মুখ্য সচিবৰ কাষ চাপিব সাহিত্য সভা - অসম সাহিত্য সভা

অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰে আৰম্ভ হোৱা চলো পাল্টাইৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ কৰিব অসম সাহিত্য সভাই ৷

‘চলো পাল্টাই’ৰ বিৰুদ্ধে মুখ্য সচিবৰ কাষ চাপিব সাহিত্য সভা

By

Published : Jun 2, 2019, 6:50 PM IST

Updated : Jun 2, 2019, 7:35 PM IST

তেজপুৰ,২ জুন : ৰাজ্যত অব্যাহত থকা ‘চলো পাল্টাই’ৰ বিতৰ্কৰ বিৰুদ্ধে এইবাৰ সৰৱ হ’ল অসম সাহিত্য সভা ৷ সাহিত্য সভাই 'চলো পাল্টাই'ৰ দুষ্কৃতিকাৰীৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিবৰ বাবে অহা ৪ জুনত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ কৰিব ৷ ইতিমধ্যে, এই চলো পাল্টাইৰ বিৰুদ্ধে বিভিন্ন সংগঠনে গোচৰ ৰুজু কৰাৰ লগতে অসমৰ বাঙালী সমাজেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ দেওবাৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে "ইটিভি ভাৰত অসমক ", জনায় যে সাহিত্য সভা কোনো ভাষাৰ বিৰোধী নহয় ৷ কিন্তু এই ষড়যন্ত্ৰক যি কোনো মূল্যৰ বিনিময়ত ওফৰাই দিয়াৰ লগতে ইয়াৰ অন্তৰালত থকা ব্যক্তিৰ বিৰুদ্ধে "Suo moto" গোচৰ ল’বলৈ গৃহ বিভাগক অনুৰোধ কৰিব বুলিও প্ৰকাশ কৰে পৰমানন্দ ৰাজবংশীয়ে ৷ আনহাতে ৰাজ্যৰ মুখ্য সচিবৰ লগত ভাষা নীতিক প্ৰযোজ্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ কথাও উল্লেখ কৰে সাহিত্য সভাই ৷

Last Updated : Jun 2, 2019, 7:35 PM IST

ABOUT THE AUTHOR

...view details