অসম

assam

ETV Bharat / city

Arunachal avalanche: কামেং সীমান্তত সাতজনীয়া ভাৰতীয় সেনাৰ তহলদাৰী দল আৱদ্ধ - Army launch operation to trace avalanche hit patrol in Arunachal

দুটা দশকৰ অন্তত শুকুলা বৰফৰ চাদৰে আৱৰি ধৰা অৰুণাচলৰ পশ্চিম কামেঙত সাতজনীয়া ভাৰতীয় সেনাৰ তহলদাৰী দল আৱদ্ধ (Seven army personnel hit by avalanche in East Kameng) ৷ ইতিমধ্যে আৱদ্ধ হৈ থকা দলটোক উদ্ধাৰ কৰিবলৈ সেনাই অব্য়াহত ৰাখিছে অভিযান ৷

avalanche-hits-army-patrol-in-arunachal-7-trapped
কামেং সীমান্তত সাতজনীয়া ভাৰতীয় সেনাৰ তহলদাৰী দল আৱদ্ধ

By

Published : Feb 7, 2022, 8:42 PM IST

তেজপুৰ, 7 ফেব্ৰুৱাৰী :ভাৰতীয় সেনাৰ এটা সাতজনীয়া তহলদাৰী দল এটি প্ৰচণ্ড তুষাৰপাতৰ মাজত আবদ্ধ (Seven army personnel hit by avalanche in East Kameng) । 6 ফেব্ৰুৱাৰী পৰা অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰ (Kameng Sector in Arunachal Pradesh) ৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত সাতজন ভাৰতীয় সেনাৰ এটা তহলদাৰী দল আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ।

বৰ্তমানেও হেলিকপ্তাৰেৰে আৱদ্ধ হৈ থকা এই তহলকাৰী দলটোৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰখা বুলি জনায় তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে (Operations underway to rescue seven personnel caught in Arunachal avalanche) ৷ উল্লেখ্য যে অঞ্চলটোত বিগত কেইদিনমানৰ পৰা প্ৰচণ্ড তুষাৰপাত হৈ আছে ৷

এনে প্ৰতিকূল বতৰৰ বাবে অঞ্চলটোত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে । আনহাতে পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ বমদিলা, ৰূপা, ডিৰাং আৰু টেঙা ভেলীত আজিও প্ৰচণ্ড তুষাৰপাত হৈ আছে । ঘৰৰ চৌহদত দুই তিনি ফুটলৈ তুষাৰপাতে আৱৰি ৰখা পৰিলক্ষিত হৈছে । বিগত 15 বছৰৰ পাছত এই অঞ্চলত প্ৰচণ্ড তুষাৰপাত হোৱা বুলি জানিব পৰা গৈছে (Heavy snowfall occurred in West Kameng of Arunachal) ।

লগতে পঢ়ক :দুটা দশকৰ অন্তত শুকুলা বৰফৰ চাদৰে আৱৰি ধৰিছে অৰুণাচলৰ পশ্চিম কামেঙক

For All Latest Updates

ABOUT THE AUTHOR

...view details