তেজপুৰ, ২৮ আগষ্ট: ব্ৰহ্মপুত্ৰত অঘটন । ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰি থাকোতে পানীত পৰিল ভাৰতীয় সেনাৰ এজন জোৱান(Army Jawan missing in Brahmaputra in Tezpur) ৷ সেনা জোৱানজন শলমৰাৰ তেজপুৰ গজৰাছ কৰ্পছৰ অনিল কুমাৰ বুলি জানিব পৰা হৈছে(Tezpur Gajraj Corps of Salmara) ৷
সেনা জোৱানজনে আজি তেজপুৰত তিনিজন সতীৰ্থৰে নৌকা বিহাৰ কৰি থকা সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় ৷ সতীৰ্থ দুয়োজনে জোৱানজনক ৰক্ষাৰ চেষ্টা কৰিও ব্যৰ্থ হয় ৷ জানিব পৰা মতে, তেওঁলোক চৌকিঘাট দলঙৰ দিশে গৈ থকা সময়তে সংঘটিত হয় এই ঘটনা ৷