অসম

assam

ETV Bharat / city

"সৰ্বানন্দ সোণোৱাল নিকম্মা আৰু কেশৱ মহন্তও নিকম্মা" : ৰিপুন বৰা - তেজপুৰ অৱৰ্ত ভৱনত সংবাদমেল ৰিপুন বৰাৰ

তেজপুৰ আৱৰ্ত ভৱনত এক সংবাদমেল আয়োজন অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ ৷ ৰাজ্যৰ শাসনাধীন বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা বৰাৰ ৷ সৰ্বানন্দ সোণোৱাল অসমৰ এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা সাংসদগৰাকীৰ ৷

APCC Ripun Bora Press meet against Bjp govt Failure
তেজপুৰ আৱৰ্ত ভৱনত সংবাদমেল ৰিপুন বৰাৰ

By

Published : Jul 15, 2020, 10:19 PM IST

তেজপুৰ, 15 জুলাই : অসমৰ মুখ্যমন্ত্ৰী এজন অকর্মণ্য আৰু বিফল মুখ্যমন্ত্ৰী যাৰ পৰিণতিত এতিয়া অসমৰ ৰাইজ ভয়াৱহ বানৰ কৱলত । বিগত সময়চোৱাতকৈ এইবাৰ বানত সৰ্বাধিক সৰ্বশ্ৰান্তৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি কয় অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই ।

তেজপুৰ আৱৰ্ত ভৱনত সংবাদমেল ৰিপুন বৰাৰ

বুধবাৰে বিয়লি তেজপুৰ আৱৰ্ত ভৱনত এক সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা এপ্ৰিল মাহত ঘোষণা কৰিছিল ৰাজ্যত 450 টা দুৰ্বল মথাউৰি আছে আৰু এইসমূহ 30 এপ্ৰিলৰ ভিতৰত কাৰ্যক্ষম কৰিব বিভাগীয় কৰ্তৃপক্ষই । কিন্তু চৰকাৰে কোনো কাম সমাধা নকৰিলে যাৰ পৰিণতিত অসমৰ সকলো মথাউৰি পানীয়ে ভাঙি চুৰ মাৰ কৰিছে ।

সৰ্বানন্দ সোণোৱাল নিকামমা আৰু কেশৱ মহন্তও নিকামমা : ৰিপুন বৰা

এছডিআৰএফৰ অধীনত 101 টা আঁচনিৰ বাবে ধন আৱন্টন দিয়াৰ পিছতো বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত মাত্ৰ দুটা কামহে সম্পূৰ্ণ হৈ উঠিল বুলি কয় । এই সকলোবোৰ চৰকাৰৰ ব্যৰ্থতা বুলি অভিহিত কৰিছে কংগ্ৰেছী নেতাগৰাকীয়ে ।

আনহাতে, ক'ভিড-19 ৰ দোহাই দি চৰকাৰে সকলো উন্নয়ন মূলক কাম অসমাপ্ত কৰি ৰাখিছে । মৰিয়া খলাৰ পৰা কাজিৰঙা সংলগ্ন মথাউৰি মেৰামতি নকৰাৰ ফলত 37 নং ৰাষ্ট্ৰীয় ঘাই পথ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভয়ানক বানৰ তলত পৰিছে বুলি উল্লেখ কৰে বৰাই । ইপিনে বৰ্তমানলৈকে বানত 62 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে 23 জন লোকৰ ।

বিগত বৰ্ষত 188 টা মথাউৰি নিৰ্মাণ কৰাৰ বাবে এফডিআৰ যোগেদি 650 কোটি টকাৰ অনুমোদন দিয়া হৈছিল কিন্তু 50 শতাংশ কামো সম্পন্ন নহ’ল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ৷ আনহাতে নাবাৰ্ডৰ অধীনত 41 টা ভগ্ন মথাউৰিৰ কামৰ বাবে অনুমোদন দিয়া হৈছিল যদিও ইয়াৰ 18 টা মথাউৰিৰ কামৰ নিবিদাই নহ’ল বুলি কয় ৰিপুন বৰাই ৷ লগতে কাৰাগাৰৰ ভিতৰত কোভিড সংক্ৰমণ হোৱা ঘটনাক লৈও সৰৱ হোৱা দেখা পোৱা যায় ৰিপুন বৰাক ৷ কাৰ গাফলিতত এইয়া হৈছে বুলি প্ৰশ্ন কৰি উচিত তদন্তৰ দাবি কৰি স্বাস্থ্য় বিভাগ চৰম ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটিৰ সভাপতিগৰাকীয়ে ৷

লগতে চাওক-মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ ৰাইজ

ABOUT THE AUTHOR

...view details