তেজপুৰ, 26 ডিচেম্বৰ : দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাত প্ৰৱল শীতৰ মাজতে সামৰিক বাহিনীৰ সমান্তৰাল কৈ ভাৰত তিব্বত সীমান্ত আৰক্ষী আইটিবিপিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ ভাৰত-চীন সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বাহিনীটোৱে অৰুণাচল প্ৰদেশৰ টাৱাংৰ বিভিন্ন ঠাইত লাভ কৰা নিৰাপত্তা ভাবুকিৰ পিচতেই শক্তিশালী কৰি তুলিছে সুৰক্ষা বেষ্টনী । লাডাখত চীনা সৈন্যক ভালকৈ এসেকা দিয়াৰ পিচত এতিয়া শীতৰ সময়ত টাৱাং সীমান্ততো সম্পূৰ্ণৰূপে সাজু হৈছে বাহিনীটো ৷ তেজপুৰস্থিত স্থলসেনাৰ চতুৰ্থ ক’ৰ অৰ্থাৎ গজৰাজ ক’ৰৰ কামাণ্ডাৰ লেফ. জেন. শান্তনু দয়ালে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ ক্ষেত্ৰত আইটিবিপিক সষ্টম হৈ থাকিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷
সীমান্তৱৰ্তী এলেকাৰ সুৰক্ষা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে তেজপুৰস্থিত আইটিবিপিৰ সীমান্তৱৰ্তী এলেকাৰ দায়িত্বত থকা ডিআইজি জিচি পুৰোহিতে এক সাক্ষাৎকাৰত মিলিত হয় ৷ এই সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে জনায় যে, সীমান্তৰ সকলো অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আইটিবিপিৰ জোৱান সষ্টম হৈ আছে ৷ যি সময়ত পূব লাডাখৰ অঞ্চলত চীনা সৈন্যৰ লগত ভাৰতীয় সৈন্যবাহিনী মুখামুখি হৈছিল সেই সময়ৰ পৰা উত্তৰ দিশত টাৱাংৰ সীমান্তত বাহিনীটোৰ বহুকেইটা কোম্পানী অতিৰিক্তভাৱে মোটায়েন কৰিছিল । পুৰোহিতৰ মতে সষ্টম হৈ থকাৰ ক্ষেত্ৰত এয়া কোনো নতুন কথা নহয় । কিন্তু সামগ্ৰিকভাৱে যাতায়তৰ যথেষ্ট পৰিমাণে উন্নত হৈছে আৰু এনে অৱস্থাত প্ৰতিটো মুহূৰ্তত সাৱধান হৈ থকাটো জৰুৰী ৷ পুৰোহিতে বৰ্তমান সময়ত সীমান্তৰ পাৰ্শ্বৱৰ্তী ঠাইসমূহ পৰিদৰ্শন কৰিছে ৷ টাৱাং ছেক্টৰৰ ভাৰত তিব্বত সীমান্তৰ পশ্চিম দিশত থকা লুমলা আৰু ই অতি স্পৰ্শকাতৰ অঞ্চল বুলি বিবেচিত ৷ ১৯৫৯ চনৰ পিছত এই সীমান্তৰেই দালাই লামাই ভাৰতত প্ৰৱেশ কৰিছিল ।