তেজপুৰ, 19 জুলাই: সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত (Presidential election in India) এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই মন্তব্য কৰিছিল যে, কংগ্ৰেছৰ ২০ গৰাকী বিধায়কে বিজেপিৰ মনোনীত প্ৰাৰ্থীগৰাকীক ভোট প্ৰদান কৰিছে । এই মন্তব্যত ক্ষুব্ধ হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে কয় যে, এ আই ইউ ডি এফ দলৰ বিজেপিৰ লগত মিতিৰালি আছে ৷ তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদি যি ধৰণৰ মন্তব্য কৰিছে সেয়া শুভ লক্ষণ নহয় । বিধায়ক কৰিম উদ্দিন বৰভূঞাক দালাল আখ্যা দিলে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে (AIUDF MLA Karimuddin Barbhuiyan called broker by APCC) ৷
তেওঁ আৰু কয় যে, এই ব্যক্তি সমূহ অসম বিধানসভাৰ বাবে এক কলংক স্বৰূপ । কংগ্ৰেছে কাৰ লগত কথা পাতে সেয়া কংগ্ৰেছৰ ভিতৰুৱা বিষয় । অসম বিধানসভাৰ এক গৰিমা আছে আৰু সেই গৰিমা একাংশ চৰকাৰী পক্ষৰ বিধায়ক আৰু এইধৰণৰ বিধায়ক সকলৰ বাবে বিঘ্নিত হৈছে । আজি যি সকল বিধায়কে এনে ধৰণৰ মন্তব্য কৰিছে, সেই সকল বিধায়ক এসময়ত কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা ৷ আজি তেওঁলোকৰ কাৰ্য আৰু ভাৱ-ভংগীয়ে অসমৰ সাধাৰণ লোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলিও মন্তব্য কৰে দাদুল বৰকাকতিয়ে ।
উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত হোৱা দেশৰ 15 সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনত শাসকীয় দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপে দ্ৰৌপদী মুৰ্মুৱে প্ৰতিদ্বন্দিতা আগবঢ়ায় (NDA presidential candidate Draupadi Murmu) ৷ তেওঁৰ বিপৰীতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা যশোৱন্ত সিঙে ৷