তেজপুৰ,4 এপ্ৰিল: দেওবাৰে তেজপুৰ বেবেজিয়া তিনিয়ালীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বাহনৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নগধ টকা ৷ খাৰুপেটীয়াৰ পৰা অহা এখন শাক-পাচলি কঢ়িয়াই অনা টাটা ডি আই বাহনে অভাৰটেক কৰিবলৈ চেষ্টা কৰোঁতে বিপৰীত দিশৰ পৰা অহা সেনাৰ এখন বাহনত খুন্দা মাৰে ৷ ফলত দুয়োখন বাহনৰ যথেষ্ট পৰিমাণৰ ক্ষতি সাধন হয় ৷ আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় বেবেজীয়া আৰক্ষী ৷
আৰক্ষীৰ অনুসন্ধানৰ পাছতেই পাচলিৰ কঢ়িওৱা বাহন খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ধন ৷ বেবেজিয়া আৰক্ষীয়ে জনোৱা মতে, বাহনখনৰ পৰা ৬ লাখ ৮ হাজাৰ টকা জব্দ কৰা হয় ৷