তেজপুৰ,২১ আগষ্ট: অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পিৰ তেজপুৰ শাখাই বুধবাৰে তেজপুৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ নাগৰিক পঞ্জীৰ উন্নতিকৰণৰ ক্ষেত্ৰত কিছু আসোঁৱাহ যুক্ত আৰু অশুদ্ধ নাগৰিক পঞ্জীৰ প্ৰস্তুত হ'বলৈ গৈ আছে বুলি দাবী জনায় সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুতৰে অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ দাবীৰ লগতে,অন্যথা অসম বাংলাদেশ হ'বলৈ গৈ আছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলৰ মত- উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণ বাবে প্ৰাম্ভিক পৰ্যায়ত (আবেদন কৰাৰ সময়ত) আৰু আবেদন পত্ৰ পৰীক্ষা কৰাৰ সময়ত প্ৰতিটো পৰিয়ালৰ ওচৰলৈ গৈ কাম কৰা নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ৷ কিন্তু ৰাজ্যৰ কোনো এখন ঠাইত এই পৰীক্ষা সম্পূৰ্ণ নকৰিলে এন আৰ চিৰ কেন্দই ৷
তেজপুৰত উত্তপ্ত পৰিস্থিতি : এ বি ভি পিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ - চূড়ান্ত তালিকাৰ প্ৰকাশৰ বাবে মাজত আছে মাত্ৰ ৯ টা দিন
এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) প্ৰস্তুতৰে অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ দাবীৰে তেজপুৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷
তেজপুৰত উত্তপ্ত পৰিস্থিতি
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মাজত আছে মাত্ৰ ৯ টা দিন ৷