তেজপুৰ, 16 ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে ৩৬ ঘণ্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে ৷ তেজপুৰ আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত তেজপুৰতো বৃহৎ সংখ্যক লোকে গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰে ৷ তেজপুৰৰ শ্বহীদ বাকৰিৰ পৰা ট্ৰিবেণী হৈ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ হৈ চক্ৰ বিষয়াৰ হাতত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এই আইন বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
প্ৰায় ২০ হাজাৰ লোকৰ সমাগমেৰে ওলোৱা প্ৰতিবাদী কাৰ্যসূচী তেজপুৰত সফলভাৱে সমাপ্তি ঘটে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ তীব্ৰ সমালোচনা কৰাৰ লগতে এই আইন বাতিল নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷