অসম

assam

By

Published : Sep 7, 2020, 4:01 PM IST

ETV Bharat / city

আচৰিত ! ক’ত প্ৰতি কেজি নিমখৰ মূল্য 200 টকা

আপোনাৰ কল্পনাৰো উৰ্ধত এখন ঠাই ৷ য’ত আজিও প্ৰতি কেজি নিমখৰ মূল্য হৈছে 200 টকা ৷ ক’ত আছে এইখন ঠাই ৷ পঢ়ক আমাৰ এই খবৰ ৷

A Place Where The price of Salt is Rs. 200 per kg
A Place Where The price of Salt is Rs. 200 per kg

তেজপুৰ, 7 ছেপ্তেম্বৰ :বিকশিত ভাৰতবৰ্ষৰ এখন ফোঁপোলা ছবি । উন্নয়নৰ নামত যেন এক ভেকোঁভাওনা । য’ত নাই চিকিৎসালয়, যাতায়তৰ বাবে সুচল পথ ৷ আনকি এই অঞ্চলত সকলো বস্তুৰ মূল্য হৈছে আকাশলংঘী ৷ আনকি আয়ডিন যুক্ত প্ৰতি কেজি 20 টকা নিমখৰ মূল্য এই অঞ্চলত হৈছে প্ৰতি কেজি 200 টকা ৷

এই অঞ্চলটো হৈছে অসমৰ চুবৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বিজয়নগৰ ৰাজহ চক্ৰৰ গান্ধীগ্ৰাম গাঁও । স্থানীয় লোকে জনোৱা মতে, উক্ত অঞ্চলটোত সকলো খাদ্য সামগ্ৰী ক্ৰয় কৰিব লাগে উচ্চ দামত ৷ কেৱল নিমখেই নহয় এই অঞ্চলত প্ৰতি লিটাৰ মিঠাতেলৰ মূল্য হৈছে 400 টকা ৷ কাৰণ বিজয়নগৰ পৰা মেইয়ো লৈ 130 টকাত নিমখ কিনি তাৰ পিছত 200 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি গাঁৱলৈ আহিবলগীয়া হয় ।

কান্ধত তুলি চিকিৎসালয়লৈ প্ৰেৰণ ৰোগীক

আনকি এই অঞ্চলটোৰ এনে দুৰৱস্থা যে, অঞ্চলটোত নাই এখন উন্নত চিকিৎসালয় ৷ অৰুণাচলৰ য়ুবি জনগোষ্ঠীৰ এজন 25 বছৰীয়া ছাত্ৰই মাতৃৰ চিকিৎসাৰ বাবে এখন চিকিৎসালয়লৈ নিয়াৰ বাবে গাঁওৰ লোকৰ সহায়ত কান্ধত তুলি 200 কিলোমিটাৰ পথ অতিক্ৰম কৰে । পুত্ৰ চায়েডৱে গাঁওৰ 35 জন লোকৰ সহযোগত ‘মেইয়ো’ চহৰৰ চিকিৎসালয়লৈ মাতৃক লৈ যায় ।

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ গান্ধীগ্ৰাম গাঁৱৰ দুৰবস্থা

বিজয়নগৰ পৰা প্ৰায় 157 কিলোমিটাৰ এই ‘মেইয়ো’ চিকিৎসালয়লৈ । দুৰ্ভাগ্যজনক ভাবে, এই গৰাকী মহিলাৰ 2017 ত বিজয়নগৰত বিদ্যুৎপিষ্ট হোৱাৰ বাবে চিকিৎসা চলি আছিল আৰু আগষ্ট মাহৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটে যাৰ বাবে উন্নত চিকিৎসাৰ বাবে মেইয়ো চিকিৎসালয় লৈ অনা হয় । যোৱা 31 আগষ্টত আৰম্ভ কৰা যাত্ৰা 4 ছেপ্তেম্বৰৰ সন্ধিয়া অন্ত পৰে বুলি পুত্ৰ চায়েডৱে আৰু গাঁওৰ লোকে জানিবলৈ দিয়ে । লগতে কয়, গান্ধীগ্ৰামৰ পৰা চহৰলৈ অহাৰ কোনো পথ নাই, নদী পাহাৰ জংঘল অতিক্ৰম কৰি আহিব লাগে ।

উল্লেখ্য যে, 2013 চনত মেইয়োৰ পৰা বিজয়নগৰলৈ 157 কিলোমিটাৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত আধাৰশিলা স্থাপন কৰা হৈছিল ।

যাতায়তৰ বাবে নাই সুচল পথ

মন কৰিবলগীয়া কথা যে, পোন প্ৰথমবাৰৰ বাবে বিজয়নগৰৰ আৱিষ্কাৰ কৰিছিল আই জি অসম ৰাইফলছ নেতৃত্বৰ 1961 চনত অসম ৰাইফলছৰ এজন বিষয়া Srijit II মেজৰ জেনেৰেল এ এছ গোৰায়ে ৷ পৰৱৰ্তী সময়ত তেওঁৰ পুত্ৰ বিজয়ৰ নামেৰে নামকৰণ কৰা হয় বিজয় নগৰ হয় ।

মুঠ 8000 বৰ্গ কিলোমিটাৰৰ এই বিজয় নগৰ ঠাইখন ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত । ৰাজধানী ইটানগৰৰ পৰা প্ৰায় 600 কিলোমিটাৰ আৰু চাংলাংৰ পৰা প্ৰায় 200 কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

লগতে চাওক-চিৰাঙত সক্ৰিয় বনবিভাগঃ এমাহতে আটক 4 দুধৰ্ষ চিকাৰী

ABOUT THE AUTHOR

...view details