তেজপুৰ, ২১ডিচেম্বৰ : বেলি ডুবিলেই অন্ধকাৰে গ্ৰাস কৰে তেজপুৰ নগৰৰ কেইটামান বিশেষ স্থানক ৷ চন্দ্ৰৰ পোহৰ নপৰিলে সেই অঞ্চলৰ পথ সমূহ হৈ পৰে ঝাৰণিত মাজনিশাৰ বাটৰ দৰে ৷ পথৰ কাষত ঠিয় হৈ আছে কিছুমান সৌৰশক্তি চালিত লাইটৰ খুঁটা (Solar power street light in Tezpur) ৷ পিচে সেয়াও মাত্ৰ দেখাৰ শুৱনিহে ৷ লাইটহে আছে, কিন্তু নজ্বলে ৷ পৌৰসভাৰ অধীনৰ এই এলেকা কেইটাত এতিয়া ৰাতি হ’লেই ঘন আন্ধাৰে বাট ভেটি ধৰে ৰাইজক ৷
মেচাৰ্ছ ব্ৰীজ এণ্ড ৰুফ কোম্পানী প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে তেজপুৰ পৌৰসভা এলেকাত সৌৰ চাকিৰ ব্যৱস্থাকৰণৰ (Solar light installation in Tezpur town) ঠিকা লাভ কৰে ৷ আঁচনি ৰূপায়ণৰ মাত্ৰ তিনিমাহৰ পাছতে বহুসংখ্যক সৌৰ চাকি বিকল হৈ পৰাৰ পাছত তেওঁলোকে মেৰামতিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা হেমাহিৰ বাবে চহৰখনৰ বহু অঞ্চল নিশা অন্ধকাৰত ডুব যোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে, যোৱা ছেপ্টেম্বৰত আক্ষৰিক অৰ্থত সম্পূৰ্ণ হোৱা সৌৰ চাকিৰ আঁচনিখনৰ বহুসংখ্যক লাইট আৰম্ভণিৰ পৰাই নজলাকৈ থকাৰ লগতে বৰ্তমান তেজপুৰ চহৰৰ গুৰুত্বপূৰ্ণ বহু অঞ্চলৰ সৌৰ চাকিৰ এই পোহৰৰ ব্যৱস্থা বিকল হৈ পৰিছে (Solar lights damaged in Tezpur town)৷
মনকৰিবলগীয়া যে, ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৌৰ আৰু গাঁও পঞ্চায়ত এলেকাত কেন্দ্ৰীয় চৰকাৰৰ এখন পোহৰৰ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ বাবে অসম শক্তি উন্নয়ন সংস্থা চমুকৈ এ ই ডি এৰ জৰিয়তে ১০ শতাংশ ৰেহাই মূল্যত আঁচনিখন ৰূপায়ণ কৰা হৈছিল ৷ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ে এই বিষয়ে জানিব পাৰি শোণিতপুৰতো আঁচনিখন ৰূপায়ণৰ বাবে আগ্ৰহী হয় ৷
জিলাখনৰ তদানীন্তন উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে এই বিষয়ে তেজপুৰ পৌৰসভাকো আঁচনিখনৰ সুবিধা গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷ সেই অনুসৰি তেজপুৰ পৌৰসভাই ১৯টা ৱাৰ্ডৰ বাবে মুঠ ৯৫৮টা খুঁটাসহ সৌৰশক্তি চালিত চাকিৰ বাবে চতুৰ্দশ বিত্তীয় শিতানৰ পৰা আসাম এনাৰ্জি ডেভলেপমেণ্ট এজেঞ্চিক (Assam Energy Development Agency) উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তে আদায় দিয়ে ২৫ লাখ ৯ হেজাৰ ৩৯০টকা ৷